নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ প্রত্যাশিতভাৱে বিৰোধীক ধৰাশায়ী কৰি উপ–নির্বাচনত ৫টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰাৰ বাবে অসমৰ ৰাইজক ধন্যবাদ দি মঙলবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা– ৰাইজে আমাক জিৰণি ল’বলৈ ভোট দিয়া নাই৷ আমি জিৰণি নলওঁ৷ এক দুৰন্ত গতিত বিকাশৰ পথত আগুৱাই যাব লাগিব৷ ভৰিখন মাটিত থৈ হাতখনেৰে আকাশ চুই চোৱাৰ মন লৈ আমি আগবাঢ়ি যাব লাগিব৷ ৫ সমষ্টিৰ নির্বাচনী ফলাফল ঘোষণাৰ পিছতেই হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রীয়ে কয়– অনাগত চাৰে চাৰিটা বছৰত অসমৰ সকলো ৰাইজ, জাতি, জনগোষ্ঠী, সম্প্রদায়ক বিশ্বাসত লৈ, সভ্যতা আৰু বিকাশ আগত ৰাখি আমি অসমক দেশৰ পাঁচখন সর্বশ্রেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে আগুৱাই লৈ যোৱাৰ বাবে কাম কৰি যাম৷ আমি আশা কৰোঁ যে এই বিজয়ৰ পিছত বিজেপি আৰু মিত্রগোষ্ঠীয়ে নির্বাচনী ইস্তাহাৰ আৰু জনগণক দিয়া প্রতিশ্রুতিসমূহ ৰূপায়ণৰ বাবে কাম কৰিব৷ মই বিশ্বাস কৰোঁ যে আমি জিৰণি লোৱাটো ৰাইজে নিবিচাৰে৷
এই উপ–নির্বাচন বিভিন্ন দিশত ব্যতিক্রম বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– আজি নির্বাচিত হোৱা থাওৰা সমষ্টিৰ সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কুর্মী আৰু ফণী তালুকদাৰে পূর্বে বিধানসভালৈ জয়ী হৈ অহা৷ বিশেষকৈ থাওৰা সমষ্টিৰ পৰা সুশান্ত বৰগোহাঁই দুবাৰ জয়ী হৈছে৷ কিন্তু তেওঁ সর্বাধিক তিনি হাজাৰ ভোটত জয়ী হ’বলৈ সক্ষম হৈছিল৷ ৰূপজ্যোতি কুর্মী আৰু ফণীধৰ তালুকদাৰেও সীমিত ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ এইবাৰ নির্বাচনত সুশান্ত বৰগোহাঁয়ে ৩০,৫৬১টা ভোটত বৃহৎ ব্যৱধানত জয়ী হৈছে৷ একেদৰে মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুর্মীয়ে ৪০,১০৪টা ভোটেৰে ব্যৱধানৰ এক অভিলেখ বিজয় সাব্যস্ত কৰিছে৷ ভৱানীপুৰতো ফণীধৰ তালুকদাৰে ২৫,৬৪১টা ভোটৰ ব্যৱধানত জয়ী হ’ল৷ আমাৰ মিত্রদল ইউপিপিএলে গোসাঁইগাঁও সমষ্টিত ২৮,২৫২ আৰু তামুলপুৰ সমষ্টিত প্রায় ৫৬,০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমবাসীলৈ বিশেষকৈ এই পাঁচটা সমষ্টিৰ ৰাইজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ৷ বিজেপি আৰু মিত্রজোঁটৰ প্রতি দেখুওৱা এই মৰম আৰু আশীর্বাদ শিৰত তুলি লৈছোঁ৷ নির্বাচনৰ সময়ত ৰাইজৰ ওচৰত আমি যি উন্নয়ন আৰু বিকাশৰ প্রতিশ্রুতি দিছিলোঁ, সেই প্রতিটো প্রতিশ্রুতিকে ৰূপায়ণ কৰাৰ দৃঢ় সংকল্পৰ কথা পুনৰ এবাৰ দোহাৰিছোঁ৷ ৫টা মাহ পূৰণৰ পিছত চৰকাৰখনক এটা বলিষ্ঠ সাহস দিয়াৰ লগতে চৰকাৰৰ কাম–কাজৰ প্রতি যি সমর্থন দিলে, তাৰ বাবে অসমবাসীক কৃতজ্ঞতা জনাইছোঁ৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূবক বিকাশৰ ক্ষেত্রলৈ ৰূপান্তৰিত কৰাৰ বাবে নিৰন্তৰ যাত্রা অব্যাহত ৰাখিছে৷ সমগ্র উত্তৰ–পূবত এনডিএ আৰু ‘নেডা’ৰ নিৰংকুশ বিজয়ে প্রধানমন্ত্রীৰ বিকাশৰ যাত্রাক ৰাইজে জনাদেশৰ জৰিয়তে সমর্থন দিছে৷ সমগ্র নির্বাচনটোত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, সাংগঠনিক সম্পাদক বি এল সন্তোষ, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আমাক যিধৰণে সঁহাৰি–সহযোগিতা আৰু পৰামর্শ দিলে, তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ৷ এই নির্বাচনত আমাৰ মিত্রদল অগপ, ইউপিপিএল আৰু গণশক্তিয়ে নিঃস্বার্থভাৱে কৰা কামে বিজেপি আৰু ইউপিপিএলৰ বিজয়ত সহায় কৰিলে৷ মুখ্যমন্ত্রীগৰাকীয়ে কয়– এই নির্বাচনী ফলাফলক লৈ বিৰোধীয়ে যি নকওক, কিন্তু ৰাইজে উন্নয়ন আৰু বিকাশৰ বাবেই বিজেপিক জয়ী কৰোৱালে৷ মোৰ লক্ষ্য ১২৬টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰাটো৷ মোৰ জীৱনকালত এনে এটা দিন আহিব যে ১২৬টা সমষ্টিতে বিজেপিৰ জয় হ’ব৷ তেওঁ কয়, যোৱা ৫টা মাহ জাতিটোৰ বাবে গুৰুত্বপূর্ণ ঘটনাৰে সমাহিত হৈ আছিল৷ বহু প্রশাসনিক বিত্তীয় পৰিৱর্তনৰ লগতে ছিপাঝাৰৰ গৰুখুঁটিৰ আত্মনির্ভৰশীল অসমৰো এক নতুন আৰম্ভণি দেখিছিলোঁ৷ সংবাদ মেলৰ পূর্বে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো মিত্রজোঁটক জয়ী কৰোৱাৰ বাবে ৰাজ্যবাসীৰ লগত দলীয় কর্মকর্তাসকলক কৃতজ্ঞতা জ্ঞাপন কৰে৷