নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৌলাশালৰ ৩০০ বছৰীয়া কালীপূজাত হাজাৰ হাজাৰ ভক্তৰ সমাগম

🔹 পাঁচ সহস্ৰাধিক ভক্তই গ্ৰহণ কৰিলে সিদ্ধ প্ৰসাদ 
নিয়মীয়া বাৰ্তা,  ৪ আগষ্ট : নলবাৰী জিলাৰ ইতিহাসপ্ৰসিদ্ধ দৌলাশাল গাঁৱৰ তিনি শতিকা পুৰণি ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মা কালী পূজা মহোৎসৱ কালিৰে পৰা আৰম্ভ হয়। পূজা মহোৎসৱৰ আজি দ্বিতীয় দিনা হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় ৷ পাঁচ সহস্ৰাধিক ভক্তই গ্ৰহণ কৰে সিদ্ধ প্ৰসাদ।তিনিদিনীয়াকৈ ধৰ্মীয় ৰীতি-নীতি আৰু আধ্যাত্মিক কাৰ্যসূচীৰে অনুষ্ঠিত পূজা মহোৎসৱৰ কালি সন্ধিয়া বেদীত প্ৰতিমা স্থাপন, আৰতি প্ৰদান আৰু হোমযজ্ঞ পৰ্ব অনুষ্ঠিত হয়। নিশা ১১ বজাত ৰাজহুৱা বলি প্ৰদানৰ পিছতে লোকশিল্পী মদন ৰাজবংশীৰ ওজাপালি পৰিৱেশন কৰা হয় বুলি জানিবলৈ দিয়ে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গুৰুচৰণ পাঠকে ৷ নিশা অগণন ভক্তৰ সমাৱেশ ঘটে। উল্লেখ্য যে তিনি শতিকা পুৰণি ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মা কালী পূজা মহোৎসৱ বিগত বছৰবোৰৰ দৰে এইবেলিও দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাৱেশত জাকজমকতাৰে অনুষ্ঠিত কৰে। আজি পুৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অসংখ্য ভক্তৰ সমাৱেশত পূজা-অৰ্চনা হোৱাৰ পিছতে ৰাজহুৱা বলিদান পৰ্ব আৰম্ভ হয় । আন আন বছৰৰ দৰে আজিও বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ ভক্তই ধূপ-ধূনা-নৈবেদ্যৰে মা কালীক পূজা-অৰ্চনা কৰাৰ উপৰি আন একাংশ ভক্তই দেৱীলৈ হাঁহ, পাৰ, ছাগলী, কোমোৰা আদি উছৰ্গা কৰি মনোবাঞ্ছা পূৰণৰ অৰ্থে সেৱা জনায় । পূজাৰ অন্তত পাঁচ সহস্ৰাধিক লোকে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে দৌলাশাল উন্নতি সাধিনী সভাৰ ভাৰপ্ৰাপ্ত সম্পাদক ফনেন্দ্ৰ নাথে ৷ নিশা দৌলাশাল ভাস্কৰ সামূহিক কেন্দ্ৰৰ শিল্পীবৃন্দৰ দ্বাৰা ৰাধেশ্যাম কলিতাৰ নি:সংগ নায়ক নাটক মঞ্চস্থ কৰা হয় । উল্লেখ্য যে প্ৰতিবছৰে আহাৰ অথবা শাওণ মাহৰ কোনো এটি অমাৱস্যা তিথিত দৌলাশাল উন্নতি সাধিনী সভাই তিনিদিনীয়াকৈ পালন কৰি আহিছে এই কালীপূজা মহোৎসৱ ।
প্ৰেৰক তফিকুৰ ৰহমান
You might also like