নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডুৰ বিচা গাঁ‌ৱত অসম-অৰুণাচলৰ হাজাৰ হাজাৰ লোক

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ উত্তৰ-পূবৰ এটি চিনাকী নাম চিংফৌ ৰজা বিচা নং চিংফৌৰ ৰাজ্যিক মৰ্যাদাৰে অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’য়। লিডুৰ ঐতিহাসিক বিচাগাৱঁৰ তেওঁৰ বাসভৱনৰ কাষত আয়োজিত শেষকৃতৰ অনুষ্ঠানত অসম চৰকাৰৰ হৈ জিলা আয়ুক্ত স্বপ্নীল পাল উপস্থিত থাকে। সহজ-সৰল কথনভংগী আৰু জীৱন্ত ইতিহাস হিচাপে পৰিচিত জনজাতীয় নেতাজনৰ দেহাৱসানক লৈ সমগ্ৰ অসম-অৰুণাচল শোকস্তব্ধ। অসম তথা ভাৰতবৰ্ষৰ চাহ ইতিহাসৰ জন্মদাতা বিচাগাম স্বাধীনতা সংগ্ৰামী বিচা বম চিংফৌ আৰু বিচাগামৰ পৰিনাতি বংশানুক্ৰমে বিচাৰজা হিচাপে অধিষ্ঠিত বিচা নং চিংফৌ (৭৬) টিৰাপ মৌজাৰ মৌজাদাৰ আৰু শেষৰজন ৰাজনৈতিক জমিদাৰ আছিল। তেওঁৰ সোনসেৰীয়া জীৱন প্ৰবাহত ৰাজধৰ্ম পালনত সফলতা। সেই বাবে সীমাৰ পৰিধি ভাঙি তেওঁ সকলোৰে প্ৰিয়। বিছাৰজাৰ অতি সহজ সৰল কথন ভংগী সদায় মানুহৰ কাণত বাজি থাকিব। সকলো জাতি জনগোষ্ঠীৰ সমন্বয় সাধনত লোৱা পদক্ষেপে সদায় জনতাৰ হ্নদয়ত সমন্বয়ৰ প্ৰতীক কৰি ৰাখিব। আধুনিকতাৰ কৰাল গ্ৰাসত নিজকে বিলীন হ’বলৈ নিদিয়াকৈ বংশগত পৰম্পৰা বংশৰ ৰাজকীয় সন্মান অটুট ৰাখি নিজৰ জাতিটোৰ উত্তৰণৰ বাবে যি নিদৰ্শন ডাঙি ধৰিলে সেইয়া সকলোৰে বাবে অনুকৰণীয় হৈ থাকিব। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ তিনিচুকীয়া জিলাৰ লিডুৰ ঐতিহ্যমণ্ডিত নিজা বাসগৃহ বিচাগাৱঁত চিকিৎসাধীন আছিল তেওঁ। বুধবাৰে পৰলোকগামী হোৱা বিচাৰজা খ্যাত চিংফৌৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। শেষ যাত্ৰাত অসম-অৰুণাচলৰ সহস্ৰাধিক লোক উপস্থিত থাকে। গায়ন-বায়ন তথা চিংফৌ জনগোষ্ঠীৰ লোক কৃষ্টি দলেৰে সু-সজ্জিত ৰথত উঠাই শোভাযাত্ৰা কৰি নশ্চৰদেহ অন্তিম সৎকাৰস্থলীলৈ অনা হয়। তাৰপাছতে অসম চৰকাৰৰ হৈ জিলা আয়ুক্ত স্বপ্নীল পাল, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ হৈ দিচেন টিপমীয়া আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে পুস্প মাল্য প্ৰদান কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like