নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াত খহনীয়া প্ৰতিৰোধৰ দাবীত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম মইনবৰী আৰু কিছমত মইনবৰীত বেকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া প্ৰতিৰোধৰ দাবীত হাতত প্লে-কাৰ্ড লৈ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সৰ্বসাধাৰণ লোকে তীব্ৰ প্ৰতিবাদ কৰে । ইতিমধ্যে নৈখনৰ খহনীয়াত এলেকাটোৰ দুই শতাধিক পৰিয়ালৰ ভেটি-মাটি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি কৰি কেইবাটাও শিক্ষা প্ৰতিষ্ঠান জাহ গৈছে। ইপিনে, আন শতাধিক পৰিয়ালৰ উপৰি মইনবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মছজিদ, মাদ্ৰাছা, মন্দিৰৰ প্ৰতিও খহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰাত ৰাইজ আতংকিত হৈ পৰিছে। কোনো এখন চৰকাৰে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মইনবৰী এলেকাৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৱেগিক হৈ কাতৰ আহ্বান জনাইছে।

প্ৰেৰক মফিদুল ইছলাম

You might also like