নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্দ্যা ইণ্টাৰনেচনেল স্কুলত ‘সৎসংগ উইথ সদ্গুৰু’ত ১০ সহস্ৰাধিকৰ অংশগ্ৰহণ

📌 লক্ষ্য স্থিৰ কৰি শৰীৰ মনৰ একাত্ম সংযোগেৰে সুখী হৈ থকাটোৱে জীৱন

📌 দহ সহস্রাধিক অনুগামীক উদ্দেশ্যি ক’লে– ‘প্রকৃতিয়ে আমাক জীয়াই থাকিবলৈও দিছে, মৃত্যুও দিছেঃ প্রযুক্তিৰ ব্যৱহাৰে বিপর্যয় আনিছে সভ্যতালৈ’

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ ‘মানসিক দুর্বলতা বিশ্বজুৰি মহামাৰীত পৰিণত হৈছে৷ জীৱনটো জটিলতাৰে ভৰা৷ জীৱনত বহু সমস্যা থাকে৷ জীৱনলৈ অহা সমস্যাসমূহ মানুহে নিজে সৃষ্টি কৰে৷ লক্ষ্য স্থিৰ কৰি শৰীৰ আৰু মনৰ একাত্ম সংযোগেৰে সুখী হৈ থকাটোৱে জীৱন৷’ –এই মন্তব্য আধ্যাত্মিক গুৰু তথা গ্ল’বেল ইনফ্লুৱেন্সাৰ সদ্গুৰুৰ৷ আমিনগাঁওস্থিত বন্দ্যা ইণ্টাৰনেচনেল স্কুলত অনুষ্ঠিত ‘সৎসংগ উইথ সদ্গুৰু’ শীর্ষক অনুষ্ঠানত অংশগ্রহণ কৰি সদ্গুৰুৱে ১০ সহস্রাধিক অনুগামীক উদ্দেশ্যি কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ অনুষ্ঠানত আধ্যাত্মিক গুৰু সদ্গুৰুৱে লগতে কয় যে একবিংশ শতিকাত বিজ্ঞান–প্রযুক্তিবিদ্য্ মহিলাৰ জৈৱিক সীমাবদ্ধতাক অতিক্রম কৰি গৈছে৷ প্রযুক্তিৰ ব্যৱহাৰে সভ্যতালৈ বিপর্যয় কঢ়িয়াই আনিছে৷ প্রকৃতিয়ে আমাক জীয়াই থাকিবলৈও দিছে আৰু মৃত্যুও দিছে৷ জীৱনত সুখী হ’বলৈ শাৰীৰিক আৰু মানসিকভাৱে একাত্ম হৈ নিজৰ কর্ম কৰি যাব লাগিব৷ জীৱনটো নিজৰ৷ আমি নিজেই নিজৰ জীৱনটো কেনেদৰে সুখী কৰি ৰাখিবলৈ কি কর্ম কৰিম সেয়া সুস্থিৰভাৱে চিন্তা–চর্চা কৰিব লাগিব৷ ভগৱানে দিয়া জীৱনটোত কর্মৰ মাজেৰে সুখী হৈ থকাটোৱেই জীৱন৷ মানুহৰ জীৱনৰ ৯০ শতাংশই প্রকৃতিয়ে নিয়ন্ত্রণ কৰে আৰু ১০ শতাংশহে নিজৰ দ্বাৰা নিয়ন্ত্রিত৷ ১০ সহস্রাধিক অনুগামীৰ উপস্থিতিত সদ্গুৰুৱে লগতে কয় যে সম্প্রতি সামাজিক মাধ্যমে সমগ্র বিশ্বক গ্রাস কৰি পেলাইছে৷ যোগ–ধ্যানৰ জৰিয়তে শাৰীৰিক আৰু মানসিকভাৱে নিজকে সুস্থ কৰি নাৰাখিলে কেতিয়াবা অতিমাত্রা বুদ্ধিমত্তাও নিজৰ মৃত্যুৰ কাৰক হৈ পৰে৷ এই সম্পর্কত সদ্গুৰুৱে বেংগালুৰুৰ এগৰাকী ৩৪ বছৰীয়া প্রতিভাসম্পন্ন যুৱতীয়ে পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ প্রসংগ উত্থাপন কৰে৷ তেওঁ কয় যে যুৱতীগৰাকীয়ে ছুইচাইড নোটত তেওঁৰ মৃত্যুৰ বাবে কোনো দায়ী নহয় বুলি উল্লেখ কৰি মৃত্যুৰ বাবে মগজু আৰু বুদ্ধিমত্তাই দায়ী বুলি উল্লেখ কৰিছিল৷ নিজৰ শৰীৰ আৰু মগজুক সুস্থ কৰি ৰাখি শান্তিপূর্ণভাৱে কাম কৰি যাব পাৰিলেই এটা সফল জীৱন যাপন আৰু পৰম সুখদায়ক জীৱন লাভ কৰিব পাৰি৷ তেওঁ এই অনুষ্ঠানতে উপস্থিত থকাসকলক মানসিকভাৱে দুর্বল নহ’বলৈ শপতবাক্য পাঠ কৰোৱায়৷ সদ্গুৰুৱে প্রায় দুঘণ্টাজোৰা আধ্যাত্মিক ভাষণ দিয়াৰ পিছতে অনুগামীসকলৰ সৈতে মত বিনিময় কৰে৷ অনুগামীসকলে সোধা কেইবাটাও প্রশ্ণৰ উত্তৰো প্রদান কৰে আধ্যাত্মিক গুৰু সদ্গুৰুৱে৷ ইফালে অনুষ্ঠানৰ শেষত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমত আদিযোগী মন্দিৰ প্রতিষ্ঠাৰ কথা ঘোষণা কৰে৷ অসমত প্রথমবাৰৰ বাবে অনুষ্ঠিত ‘সৎসংগ উইথ সদ্গুৰু’ অনুষ্ঠানত সদ্গুৰুৱে দিয়া বাণী বহুতৰ বাবে হৈ পৰে প্রেৰণাৰ উৎস৷ এই অনুষ্ঠানত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা, মন্ত্রী জয়ন্ত মল্ল বৰুৱাকে ধৰি বিভিন্ন ক্ষেত্রৰ লগত জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷

You might also like