🔹 আহিনমহীয়া নেৰানেপেৰা বৰষুণ
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ-উদ্দীপনাৰ মাজতে যোৱা দহ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত চম্পাৱতী নৈৰ বাঢ়নী পানীয়ে তিনিখন বাঁহৰ দলং উটুৱাই লৈ যায়। চিৰাং জিলাৰ বাসুগাঁও চহৰৰ কাষৰ কচুতোলা-পূব কুৰ্শাকাটি ঘাটৰ উপৰি খাগ্ৰাবাৰী ঘাট আৰু তিৰিমাৰী-কাউনীয়াভাষা ঘাটৰ তিনিখন বাঁহৰ দলং উটুৱাই লৈ যায় যোৱানিশা। দলঙৰ অংশসমূহ বাসুগাঁও-ছালাকাটি সংযোগী চম্পাৱতী নৈৰ দলঙৰ খুঁটিত লাগি থাকে। উল্লেখযোগ্য যে অতিপাত গৰম আৰু খৰালিৰ ফলত খেতি-বাতি বিনষ্ট হয় যদিও যোৱা দহ দিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত বাট-পথ বোকাময় হোৱাৰ লগতে খাল-বিল, নৈ-নিজৰা পানীৰে ভৰি পৰে । ইয়াৰ মাজতে দুৰ্গাপূজাৰ ষষ্ঠীৰ নিশা নেৰানেপেৰা বৰষুণৰ ফলত ভূটানৰ পৰা বৈ আহি কোকৰাঝাৰ আৰু চিৰাং জিলাক বিভক্ত কৰি উত্তৰৰ পৰা দক্ষিণলৈ গতি কৰা নৈৰ ওপৰৰ তিনিখন অতি দীঘল বাঁহৰ দলং উটুৱাই লৈ যায় । যাৰ ফলত দুয়োপাৰৰ জনসাধাৰণ যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হয় । নৈৰ পশ্চিম পাৰৰ জনসাধাৰণে বাসুগাঁও চহৰলৈ আহিবলৈ মাত্ৰ দুই কিলোমিটাৰ অতিক্ৰম কৰিব লাগে যদিও দলং নথকাত ছয়-সাত কিলোমিটাৰ পথ অতিক্ৰমি চহৰখনলৈ যাব লগা হৈছে । দলং নহ’লে দুয়োপাৰৰ জনসাধাৰণ চৰম অসুবিধাত দিন কটাবলগীয়া হ’ব ।
প্ৰেৰক ভৃগু মুনি ৰায়