নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপেটাত তিনিখনকৈ গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : সৰুপেটাৰ বিষ্ণু জ্যোতি সংঘ প্ৰাংগনত ‘ঐকতান’ৰ উদ্যোগত উদযাপিত সুধাকণ্ঠ,ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱসৰ স’তে সংগতি ৰাখি কালি নিশাৰ ভাগত চাৰিখনকৈ গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উল্লেখ্য যে- চন্দন শৰ্মাৰ ৰচিত গল্প পুথি ‘বেথা’ আৰু চেমনীয়াৰ বাবে ৰচিত কাহিনীমালা ‘ভাল নাম পাবলৈ যদি কৰা মন’, কৰুণাকান্ত দাসৰ কাব্য গ্ৰন্থ ‘কাৰ্হাকৰ্ষণ’ আৰু জুনুমা দাসৰ কাব্য গ্ৰন্থ ‘অন্তসলিলা’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ‘ঐকতান’ৰ সভাপতি গপেশ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত চন্দন শৰ্মাৰ ৰচিত ‘বেথা’ উন্মোচন কৰে সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ড° অমিয়া মহন্তই আৰু ‘ভাল নাম পাবলৈ যদি কৰা মন’ উন্মোচন কৰে বি এইচ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° চুলতান আলী আহমেদে। কৰুণাকান্ত দাসৰ ৰচিত ‘কাৰ্হাকৰ্ষণ’ উন্মোচন কৰে কবি-সাংবাদিক সুশীল ৰঞ্জন চৌধুৰীয়ে। জুনুমা দাসৰ ৰচিত ‘অন্তসলিলা’ উন্মোচন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° সুশান্ত কুমাৰ কাশ্যপে।বিশ্বজিৎ পাঠকে আত ধৰা গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থ উন্মোচক ড° অমিয়া মহন্তই কয় যে- “গল্প বা যিকোনো প্ৰৱন্ধ,নিৱন্ধ সুখপাঠ্য হ’ব লাগিলে অকল বৰ্ণনাধৰ্মী হ’ব নালাগে। বিষয়বস্তুৰ গভীৰতাপূৰ্ণ হ’ব লাগে”। “সমাজখনৰ দৈনন্দিন জীৱনযাত্ৰাৰ ভিন্ন কৰ্মত জড়িত মানুবোৰেই একো-একোটা গ্ৰন্থৰ চৰিত্ৰ হ’ব পাৰে”- বুলিও ড° অমিয়া মহন্তই তেওঁৰ ভাষণত কয়। আন এগৰাকী গ্ৰন্থ উন্মোচক ড° সুশান্ত কুমাৰ কাশ্যপে তেওঁৰ ভাষণত কয় যে “ইলেক্ট্ৰনিক বা ডিজিটেল যুগত গ্ৰন্থৰ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাইছে।কিন্তু উন্নত গ্ৰন্থৰ সৃষ্টি হৈ আছে। মানুহক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰিবলৈ সামাজিক আৰু বৌদ্ধিকভাৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব”।সভাত গ্ৰন্থ উন্মোচক ড° চুলতান আলী আহমেদ, সুশীল ৰঞ্জন চৌধুৰী, উন্মোচিত গ্ৰন্থৰ স্ৰষ্টা চন্দন শৰ্মা, কৰুণাকান্ত দাস আৰু জুনুমা দাসেও ভাষণ দিয়ে। সভাত বিশিষ্ট চিত্ৰশিল্পী নীৰেণ তালুকদাৰে অতিথিৰূপে উপস্থিত থাকে। উল্লেখ্য যে- ‘ঐকতান’ৰ উদ্যোগত উদযাপিত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱসত গ্ৰন্থ উন্মোচনৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমণিকা ৰূপায়নেৰে ড° ভূপেন হাজৰিকাক স্মৰণ কৰা হয়।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like