বিশেষ বাৰ্তা, ১৮ জানুৱাৰী : অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম প্ৰশাসনিক সেৱাত সপ্তম স্থান লাভ কৰি সমগ্ৰ ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে নেহাই। সম্প্ৰতি তিনিচুকীয়াত লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা হিচাপে কৰ্মৰত হৈ থকা ডিব্ৰুগড় চহৰৰ ৰূপনগৰৰ নেহা ফুকনৰ এই কৃতিত্বত উৎফুল্লিত হৈ পৰিছে পৰিয়াল আৰু আত্মীয়। ৰূপনগৰৰ বিজয়া ফুকন আৰু দিবাকৰ ফুকনৰ দুহিতা নেহাই ২০২২ চনৰ পৰাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। গুৱাহাটীৰ এছ পি এম আই এ এছ একাডেমীত ক’চিং লোৱাৰ কথা উল্লেখ কৰি কয়- নিয়মানুৱৰ্তিতা মানি অধ্যয়ন কৰিছিলোঁ।পৰীক্ষাত উত্তীৰ্ণ হ’ম বুলি যদিও আশা কৰিছিলোঁ কিন্তু স্থান পাম বুলি ভবা নাছিলোঁ। প্ৰশাসনিক বিষয়া হিচাপে কেনেদৰে সেৱা আগবঢ়াব বুলি সাংবাদিকে সোধা প্ৰশ্নত নেহা ফুকনে কয়- এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে তৃণমূল পৰ্যায়ত প্ৰাধান্য দিম। ৰাইজৰ সৈতে সংপৃক্ত হৈ উন্নয়নৰ বাবে সেৱা আগবঢ়াই যোৱাৰ দৃঢ় হৈছোঁ। আনহাতে, নতুন প্ৰজন্মক উদ্দেশ্যি নেহা ফুকনে কয়- আমি লাগি থাকিব লাগিব। এই যাত্ৰা দীঘলীয়া। নিকা পদ্ধতিৰে পৰীক্ষা পতা হৈছিল। ইফালে এমাহৰ পূৰ্বে তিনিচুকীয়াত লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা হিচাপে যোগদান কৰিছিল নেহা ফুকনে। আনহাতে, ডিব্ৰুগড় চহৰৰ নতুন নিৰ্মালি গাঁৱৰ প্ৰয়াত হেমচন্দ্ৰ গায়ন আৰু হিৰণ্য গায়নৰ পুত্ৰ নীলিম গায়নে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম প্ৰশাসনিক সেৱাত ৪৯ সংখ্যক স্থান লাভ কৰাত চহৰখনৰ লগতে জিলাখনলৈ গৌৰৱ কৰিয়াই আনিবলৈ সক্ষম হৈছে। এনে সাফল্যৰ বাবে মাতৃৰ অৱদানৰ কথা উল্লেখ কৰি নীলিমে কয় যে ৫০টা স্থানৰ ভিতৰত আশা কৰা মতেই স্থান লাভ কৰিলোঁ। মা-দেউতাৰ সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হ’লোঁ। ভগৱান, পৰিয়াল আৰু বন্ধুুুবৰ্গৰ অকৃত্ৰিম সহায়ৰ কথা উল্লেখ কৰি সামাজিক দায়িত্বও বঢ়াৰ কথা সদৰী কৰে। ইয়াৰ উপৰি চহৰখনৰ জিগ-জাগ পথৰ বৈশালী বাগচিয়ে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম আৰক্ষী সেৱাত সপ্তম স্থান লাভ কৰা বুলিও জানিব পৰা গৈছে।
প্ৰেৰক বিভাস দুৱৰা