ধলপুৰ জামুগুৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত ৰাজসূয় যজ্ঞৰ প্ৰাকক্ষণত ব্ৰহ্মপুত্ৰৰ ঘাটত তিনিটা স্বৰ্ণ মূৰ্তি উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ লখিমপুৰ জিলাৰ ধলপুৰ জামুগুৰিৰ ব্ৰহ্মপুত্ৰৰ ঘাটত আজি পুৱা তিনিটাকৈ হিন্দু ধৰ্মাৱলম্বী দেৱতাৰ মূৰ্ত্তি উদ্ধাৰ হয় ৷ মূৰ্ত্তি তিনিটা ব্ৰহ্মা,বিষ্ণু আৰু মহেশ্বৰ মূৰ্ত্তি বুলি জানিব পৰা গৈছে । দেখাত স্বৰ্ণ বৰণৰ তিনিওটা মূৰ্ত্তি একাংশ লোকে সোণৰ বুলি দাবী কৰে যদিও আন একাংশ লোকে স্বৰ্ণসদৃশ আন ধাতুৰ মূৰ্ত্তি বুলি অৱগত কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি জামুগুৰি ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া বাসিন্দা ভোলাৰাম (কুলাই) দত্ত নামৰ লোকজনে পুৱা নদীত স্নান কৰিবলৈ বুলি গৈ নদীৰ ঘাটত নামি নিৰ্মল পানীত ওচৰা-উচৰিকৈ থকা অৱস্থাত মূৰ্ত্তি তিনিভাগ প্ৰত্যক্ষ কৰে ৷ লগে লগে লোকজনে নদীৰ দাঁতিতে অৱস্থিত শ্ৰীশ্ৰী পঞ্চানন মুহিবা আশ্ৰমলৈ গৈ বিষয়টো মুহিবাবাক অবগত কৰে ৷ মুহিবাবাই স্থানীয় একাংশ লোক আৰু ভক্তক লৈ নদীৰ ঘাটলৈ গৈ কুলাই দত্তৰ সহযোগত তিনিওভাগ বিগ্ৰহ উদ্ধাৰ কৰি মুহিবাবা আশ্ৰমলৈ লৈ আহে ৷ উল্লেখযোগ্য যে বিগত বছৰৰ ১ এপ্ৰিলত মুহিবাবাৰ ইচ্ছা অনুসৰি বনপুৰৈ নদীৰ পাৰত ৭ দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ কৰোৱা হৈছিল ৷ একেদৰে চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পুৱাৰ ভাগত মূৰ্ত্তি তিনিভাগ উদ্ধাৰ হোৱাত স্থানীয় ৰাইজে আচৰ্য্য প্ৰকাশ কৰিছে ৷ তদুপৰি বিশ্বশান্তিৰ বাবে লখিমপুৰ জিলাৰ ধলপুৰ জামুগুৰিত অহা ৬ এপ্ৰিলত ৰাজসূয় যজ্ঞ আয়োজন কৰা হৈছে ৷ ৰাজসূয় যজ্ঞ অনুষ্ঠিত প্ৰাকক্ষণত দেৱতাৰ তিনিভাগ মূৰ্ত্তি উদ্ধাৰ হোৱাত শ্ৰীশ্ৰী পঞ্চানন মুহিবাবা আশ্ৰমলৈ ভক্তৰ লানি নিছিগা সোঁত বৈছে ৷
প্ৰেৰক মাধুৰ্য দাস