নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত যুৱ-ছাত্ৰ পৰিষদৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰ : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ‘কা’ বাতিল আৰু আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবীত নলবাৰী জিলা সমিতিয়ে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। দুই শতাধিক যুৱ-ছাত্ৰ কৰ্মীৰ উপস্থিতিত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত ‘কা’ আমি নামানো, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, অসমত শীঘ্ৰ আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক, আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা খিলঞ্জীয়া অসমীয়াৰ ৰক্ষাকৱচ আদি শ্লোগানেৰে নলবাৰী চহৰৰ মাজমজিয়াত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা শিশু উদ্যানৰ প্ৰাংগণ কঁপাই তোলে । উক্ত ৩ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাস আৰু সাধাৰণ সম্পাদক যোগেশ কলিতা স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ নলবাৰী জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে। অসমৰ সভ্যতা-সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নাগৰিকত্ব সংশোধনী আইনৰ সম্ভাব্য ভয়াৱহতা আৰু অসমত আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত উপস্থিত কেন্দ্ৰীয় সমিতিৰ নেতা মৃণাল কুমাৰ বৰ্মন, নগেন শালৈ, মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তী আদিয়ে যুৱ-ছাত্ৰ কৰ্মীসকলক উদ্দেশ্য কৰি ভাষণ আগবঢ়ায় ।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like