নিয়মীয়া বাৰ্তা, ৬ আগষ্ট : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দাতিয়ালবড়ি চাৰিআলি আহমদীয়া হাফিজীয়া মাদ্ৰাছাৰ নিৰুদ্দেশ হোৱা ৩ ছাত্র ডিমাপুৰত উদ্ধাৰ হৈছে । উল্লেখ্য যে যোৱা ১ আগষ্ট মঙলবাৰে সন্ধিয়া ৫ বজাত মাদ্ৰাছাৰ লজিঙৰ পৰা তিনিজন ছাত্র নিৰুদ্দেশ হৈছিল। নিৰুদ্দেশ হোৱা ছাত্রকেইজন আছিল ক্ৰমে আজহাৰুল ইছলাম (১৭) ভূৰাগাঁও, আবু তাহেৰ (১৬) দেৱাগুৰি আৰু আবু বক্কৰ ছিদ্দিক ( ১৫ বছৰ) গোলাঘাট । এই সন্দৰ্ভত কালি প্রধান শিক্ষক মোস্তফা হবিব উল্লাই লাহৰীঘাট থানাত নিৰুদ্দেশ সম্পৰ্কে লিখিতভাৱে অৱগত কৰিছিল । তাৰ পিছত আজি ছাত্ৰ তিনিজনক ডিমাপুৰৰ পেটলা কলনী নামৰ ঠাইৰ পৰা উদ্ধাৰ কৰা হয়।
প্ৰেৰক আবুল কালাম