মৰিয়নিত তিনিমহীয়া কেঁচুৱাক কুঁৱালৈ নিক্ষেপ পাষণ্ড পিতৃ-ৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জুন : মৰিয়নিৰ ডালিম চাহ বাগিচাত মৰ্মান্তিক ঘটনা। পিতৃয়ে তিনিমহীয়া কেঁচুৱাক নিক্ষেপ কৰিলে কুঁৱালৈ। মৰিয়নিৰ চেলেংহাটত সংঘটিত হৈছে এক বুকু কঁপি যোৱা মৰ্মান্তিক ঘটনা।
উন্মাদ পিতৃৰ হাতত প্ৰাণ গ’ল তিনি মহীয়া এটি কেচুঁৱাৰ। এই ঘটনাই চেলেংহাটৰ প্ৰতিজন হৃদয়ৱান লোকৰ বুকু কঁপাই গৈছে। জানিব পৰা মতে চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত ডালিম চাহ বাগিচাৰ টেকলা লাইনৰ অমৰ বৰাইক আৰু পত্নীৰ মাজত নিশা প্ৰায় ১০ মান বজাত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰ পাত হয়।
দুয়োৰে কাজিয়াৰ মাজতে উন্মাদপ্ৰায় হৈ পৰা পিতৃ অমৰ বৰাইকে (৩০) তিনিমহীয়া কেঁচুৱাটো মাতৃৰ কোলাৰ পৰা টানি আঁজুৰি কাঢ়ি লৈ ঘৰৰ সমীপৰ এটা কুঁৱালৈ দলিয়াই দিয়ে। আনহাতে ঘটনা সংঘটিত কৰি চেলেংহাট আৰক্ষী থানাত আত্মসমৰ্পন কৰে হত্যাকাৰী অমৰে। মাত্ৰ তিনি মাহত ভৰি দিয়া বৈষ্ণৱী বৰাইক নামৰ দুৰ্ভগীয়া কন্যা শিশুটি মৃত অৱস্থাত কুঁৱাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে।
অমৰ বৰাইকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লগতে শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCHলৈ প্ৰেৰণ কৰিছে। চেলেংহাটৰ বাগিচা এলেকাত অবাধ হাৰত অবৈধ সুৰাৰ প্ৰচলনৰ বাবেই এনেধৰনৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।