নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলীতোলা ৰাজহুৱা শ্মশানঘাটত কৰুণ ঘটনা : নাও ডুবি প্ৰাণহানি তিনিজনৰ

নিয়মীয়া বাৰ্তা, ১১ জুলাই : গোৱালপাৰাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত শিমলীতোলা ৰাজহুৱা শ্মশান ঘাটত ভয়ানক নাও দুৰ্ঘটনা। মৃতকৰ শেষকৃত্যৰ বাবে গৈ ঘৰমুৱা পথত নদীৰ বুকুত নাও ডুবি পাঁচজনকৈ যুৱক সন্ধানহীন। তিনিজনৰ মৃতদেহ পোৱা গৈছে যদিও দুজনৰ মৃতদেহ বাতৰি যুগুতোৱা পৰলৈকে পোৱা হোৱা নাই। জানিব পৰা মতে শিমলীতোলা বঙালীপাৰাত মৃত্যু ঘটা এজনৰ শেষকৃত্যৰ বাবে নাও লৈ শ্মশানলৈ গৈছিল যুৱককেইজন। শেষকৃত্যৰ অন্তত ঘৰমুৱা পথত নাও ডুবি নৈৰ বুকুত সন্ধানহীন হয় পাঁচজনকৈ যুৱক ক্ৰমে মনজিত সাহা, গৌৰাঙ্গ মালাকাৰ, উদয় সৰকাৰ, জিত কৰ্মকাৰ আৰু সুজন মালাকাৰ। এইসকলৰ ভিতৰত উদয় সৰকাৰ আৰু গৌৰাঙ্গ মালাকাৰৰ মৃতদেহ এইমুহুৰ্ত্তলৈ সন্ধানহীন। বাকী তিনিজনৰ মৃতদেহ স্থানীয় ৰাইজৰ সহযোগত। আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ দিহা কৰে। বাতৰি যুগুতোৱা পৰলৈ এছডিআৰএফৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে। মৃতকৰ শেষকৃত্যৰ বাবে গৈ একেলগে পাঁচজনৰ প্ৰাণহানি হোৱাৰ খবৰে শোক আৰু চাঞ্চল্য বিয়পায় অঞ্চলজুৰি।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like