নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত ৩জনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা,  ৮ ফেব্ৰুৱাৰী : ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । ফলত থিতাতে নিহত হৈছে তিনিজনকৈ লোক । প্ৰাপ্ত তথ্য অনুসৰি, চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাসুতিৰ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা। পথৰ কাষত ৰৈ থকা অৱস্থাত TATA PUNCH বাহনৰ খুন্দাত থিতাতে নিহত হয় আজা চুংক্ৰাঙ (১৯) আৰু জয়া চুংক্ৰাঙ (২২) ।  নিহত দুয়োগৰাকী একেটা পৰিয়ালৰ ভাতৃ-ভগ্নী  বুলি জনিব পৰা গৈছে। আনহাতে, উক্ত সময়তে কাৰেং চাপৰিৰ মিচিং যুৱ মহোৎসৱৰ পৰা ঘৰমুৱা হোৱা AS-06AA-8394 নম্বৰৰ মটৰচাইকেল এখনকো বাহনখনে  খুন্দা মাৰি প্ৰায় ১০০ মিটাৰ দূৰলৈ চোঁচৰাই নিয়ে বাইকখন। ফলত দুজন বাইক আৰোহীৰ এজনৰ মৃত্যু হয় আৰু আনজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।  দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে টাটা punch গাড়ীখনৰো আগফাল সম্পূৰ্ণ ভাঙি যায় । পুৱাতে সংঘটিত এই দুৰ্ঘটনাত তিনিজনকৈ লোকৰ অকাল মৃত্যুৰ ঘটনাই শোকৰ ছাঁ পেলাইছে চিলাপথাৰত।

প্ৰেৰক নয়নমণি মহন্ত

You might also like