নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত ট্ৰাকে মহটিয়ালে বাইক আৰোহীক, গুৰুতৰভাৱে আহত ৩

নিয়মীয়া বাৰ্তা, ৬ মে’ : ৰূপহীহাটৰ হাতীপুখুৰী বৰতলত আজি দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন তীব্ৰবেগী ট্ৰাকে পিছফালৰ পৰা খুন্দিয়ায় এখন বাইকক ৷ ফলত বাইকত থকা ৩জনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ আহত লোক ৩জনক ৰাইজৰ তৎপৰতাত নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এম এইচ ১৮-বিজি-৭৩৪৩ ৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like