নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ মাংস, ছালসহ আটক তিনি চোৰাং চিকাৰী

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : পুনৰ চোৰাং চিকাৰীৰ ৰম্যভূমিত পৰিণত হৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ৷ কোকৰাঝাৰ জিলাৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰ দলে তিনিজনকৈ চোৰাং চিকাৰীক হাতে-লোটে আটক কৰে ৷ ধৃত চিকাৰীকেইজনৰ পৰা নাহৰফুটুকীৰ পাঁচ কেজি মাংসসহ ছাল আৰু চিকাৰত ব্যৱহাৰ কৰা অস্ত্ৰ উদ্ধাৰ কৰে । জানিব পৰা মতে, কচুগাঁও বন সংমণ্ডলৰ অধীনস্থ চেন্ট্ৰেল ৰেঞ্জৰ বনকৰ্মী দলে এছ এছ বিৰ দলৰ সহযোগত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰি নম্বৰ ৰাইট এলেকাত অভিযান চলায় ৷ অভিযানত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পলো নদীৰ কাষত চোৰাং চিকাৰীৰ দলটোৰ তিনিজনক বনকৰ্মীৰ দলে আটক কৰে। সন্দেহ কৰা মতে, নাহৰফুটুকীটোক চিকাৰী দলটোৱে এদিন পূৰ্বে চিকাৰ কৰিছিল আৰু আজি গোপনে মাংসখিনি জুইত শুকাই থকা সময়তে বন বিভাগ আৰু এছ এছ বিৰ দলে যৌথ অভিযান চলাই ঘটনাস্থলীৰ পৰা অনাম বসুমতাৰী (৪৫), বেদলাও বসুমতাৰী (৪০) আৰু কুলু কইলা (৫৫)ক  হাতে-লোটে আটক কৰে ৷ ধৃত কেউজন কচুগাঁও এলেকাৰ নিৱাসী বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ ৷
প্ৰেৰক ৰুবুল পাঠক
You might also like