বাৰ্তা ব্যুৰ’, ২২ আগষ্ট : গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত চাৰিআলিত অসম আৰক্ষীৰ ইস্পিচিয়েল টাস্ক ফৰ্চে কৃষ্ণাই আৰক্ষীৰ সহযোগত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই বৃহৎ পৰিমাণৰ নকল টকাসহ ৩ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে ৰফিকুল ইছলাম, আনোৱাৰ হুছেইন আৰু ক্ৰৱেল মাৰাক ৷ আটাইকেইজনৰ ঘৰ কৃষ্ণাই অঞ্চলত ৷ প্ৰাপ্ত তথ্য মতে, ইস্পিচিয়েল টাস্ক ফৰ্চৰ ডিআইজি পাৰ্থসাৰথি মহন্তৰ নিৰ্দেশত নকল টকাৰ বিৰুদ্ধে আজি দিনৰ ১২ মান বজাত আকস্মিক অভিযান চলায় কৃষ্ণাইত ৷ এএছ ১৮ এফ ৬৮৬৩ নম্বৰৰ এল্টো বাহনখন ফৰেষ্টগেটৰ পৰা কৃষ্ণাই অভিমুখে আহি থকা অৱস্থাত বাহনখন ৰখাবলৈ দি দলটোৱে তালাচী চলায় ৷ তালাচীত এটা কাৰ্টনৰ ভিতৰত পেকিং কৰি থোৱা ১৪ লাখ ৫০ হাজাৰ নকল টকা জব্দ কৰাৰ লগতে বাহনখনৰ পৰা ৩ টাকৈ মোবাইল ফোন জব্দ কৰে। পাছত বাহনসহ গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীকেইজনক কৃষ্ণাই থানালৈ আনি জেৰা অব্যাহত ৰাখিছে ৷ নকল টকা সৰবৰাহকাৰীসকলে কোনো লোকক টকাবোৰ দিয়াৰ বাবে লৈ আহিছিল বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ এই সন্দৰ্ভত কৃষ্ণাই আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ।
প্ৰেৰক উদিত নাৰায়ণ কলিতা