নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইনসহ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৯ মে’ : কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সফলতা l ড্ৰাগছবিৰোধী অভিযানত কাছাৰ আৰক্ষীৰ ইটোৰ পিছত সিটো সফলতা লাভ কৰিছে। ১০৫ কোটি টকাৰ হেৰ’ইনসহ ড্ৰাগছ সৰবৰাহকাৰী এগৰাকী মহিলা আৰু দুজন যুৱক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কাছাৰ আৰক্ষীয়ে l গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত দেওবাৰে নিশা কাছাৰ আৰক্ষীয়ে শিলচৰ আইজল বাইপাছৰ গাতে লাগি থকা আতালবস্তি অঞ্চলৰ পৰা অভিযান চলাই MJO1N4073 নম্বৰ যুক্ত এখন হোণ্ডা বাহন তালাচী চলাই ৯টা চামৰাৰ বেগ আৰু ৬০টা চাবোনৰ বাস্কৰ পৰা ১০ কেজি ৩৩৩ গ্ৰাম হেৰ’ইন জব্দ কৰে। আজি আৰক্ষী অধীক্ষক নোমল মাহাত্তাই শিলচৰৰ তেওঁৰ কাৰ্যালয়ত সংবাদ মেলত কয় যে ডেনিয়েল চি লালচাণ্ডমা, লাল্টলনেভা, মিছ মালছমেংগী নামৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। তেওঁ কয় যে ৰাজ্যৰ বাহিৰৰ পৰা কাছাৰ জিলালৈ সৰবৰাহকাৰীয়ে হেৰ’ইন আনিছিল। আৰক্ষী অধীক্ষকে জনোৱা মতে, জব্দ কৰা হেৰ’ইনৰ বজাৰ মূল্য ১০৫ কোটি টকা হ’ব। ধৃত তিনিজন সৰবৰাহকাৰীক আৰক্ষীয়ে জোৰদাৰভাৱে জেৰা অব্যাহত ৰাখিছে বুলিও তেওঁ কয়।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like