নিয়মীয়া বার্তা, ২১ জুলাই : ঢকুৱাখনাত দেওবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা। সলিল সমাধি ঘটি মৃত্যু হয় তিনি কিশোৰৰ। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত চেনিমাৰী গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো। অকাল মৃত্যু হোৱা কিশোৰকেইজন হৈছে বিশাল নাথ (৯), সমীৰণ নাথ (৯) আৰু জিন্টু চুতীয়া (৮)। জানিব পৰা মতে, প্ৰচণ্ড গৰমৰ বাবে আবেলি প্ৰায় ২.৩৯ বজাত চেনিমাৰী-মাহনীবাৰী সংযোগী পথৰ কাষতে থকা এটা পুখুৰীত গা ধুবলৈ গৈ নামিছিল চাৰি কিশোৰে। কিন্তু গা ধুই থাকোঁতে দ পানীত ডুব যায় কিশোৰ তিনিটি। আনটি কিশোৰে চিঞৰ-বাখৰ কৰাত অঞ্চলটোত লাগে হুৱাদুৱা । লগে লগে স্থানীয় ৰাইজে পুখুৰীত অভিযান চলাই তিনিওজন কিশোৰক পানীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে তিনিওকে মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত সমীৰণ নাথৰ ঘৰ হৈছে গোগামুখৰ বেৰভঙাত। গৰম বন্ধত ফুৰিবলৈ আহিছিল ঢকুৱাখনাৰ চেনিমাৰীৰ মোমায়েকৰ ঘৰলৈ। আনহাতে, চেনিমাৰী প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰ আছিল বিশাল নাথ আৰু জিন্টু চুতীয়া। ঢকুৱাখনা আৰক্ষীয়ে কিশোৰ তিনিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।তিনিজনকৈ কিশোৰৰ অকাল মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।
প্ৰেৰক পুলকজ্যোতি বৰা