নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পতিতালয়ত বিক্ৰী কৰা ৰৌতাৰ তিনি কিশোৰীক বহি:ৰাজ্যত উদ্ধাৰ

নিয়মীয়া বাৰ্তা,  ৮ ছেপ্টেম্বৰ : এসাঁজ ভাতৰ বাবে পেটত গামোচা বান্ধি ভোকত কলমলাই থকা একাংশ ভোকাতুৰ লোকৰ খবৰ ল’বলৈ যেন এতিয়া কাৰোৰে আহৰি নাই। সেয়েহে বিটিআৰৰ ওদালগুৰি জিলাৰ ভিন্ন অঞ্চলত এসাঁজ খাই দুসাঁজ লঘোনে থাকি ভোকৰ চিঞৰত দুৰ্বিসহ জীৱন অতিবাহিত কৰা পৰিয়ালক একাংশ দেহ ব্যৱসায়ী চক্ৰই বহিঃৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি এচাম  কম বয়সীয়া কিশোৰীক দেহ ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰী কৰি মানৱতাবিহীন, লজ্জাজনক কাণ্ড সংঘটিত কৰি আহিছে। এইধৰণৰ ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ ৰৌতা  সমষ্টিত । প্ৰণিধানযোগ্য যে বিটিআৰৰ ৰৌতা সমষ্টিৰ ফটাশিমলু গাঁৱৰ কিশোৰী এগৰাকী আগষ্ট মাহতে  নিজা বাসগৃহৰ পৰাই সন্ধানহীন হৈছিল ।এই সংক্ৰান্তত কিশোৰীগৰাকীৰ পিতৃয়ে  ১৮ আগষ্টত ওৰাং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। ওৰাং আৰক্ষীয়ে সন্ধানহীন সম্পৰ্কীয় এজাহাৰখনৰ ভিত্তিত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰি কিশোৰীগৰাকীক  বহিঃৰাজ্যৰ নাৰী ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰী কৰি দিয়াৰ তথ্য লাভ কৰিছিল। এই তথ্যৰ ভিত্তিতেই ওৰাং আৰক্ষীয়ে ফটাশিমলু গাঁৱৰ পৰা হাৰমজ আলী, জহুৰা খাতুন, চাহাৰা খাতুন, বাহাৰুল ইছলাম, জেলেকা খাতুন, দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৪নং শিয়ালমাৰীৰ গৰিমা আলী, ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত গৰাঘাট গাঁৱৰ লিলিমা বেগম আৰু ৰুপচানা খাতুনক  ৩১ আগষ্টত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা আন্তঃৰাষ্ট্ৰীয় দেহ ব্যৱসায়ী চক্ৰটোৰ পৰা ওৰাং আৰক্ষীয়ে  লাভ কৰা তথ্য মতে উক্ত ফটাশিমলু গাঁৱৰ জহুৰা খাতুন, চাহাৰা আৰু হৰমুজ আলীয়ে কিশোৰীসকলক বহিঃৰাজ্যত কাম দিয়াৰ প্ৰলোভনেৰে বাহাৰুল ইছলাম নামৰ লোকজনৰ হাতত কিশোৰীসকলক ১০ হাজাৰ টকাৰ বিনিময়ত গতাই দিয়ে । ইয়াৰ পাছত অতি কৌশলেৰে  বাহাৰুলে নাৰী ব্যৱসায়ীৰ সৈতে পূৰ্বৰ পৰাই জড়িত হৈ হাৰিয়ানাৰ গুৰুগাঁৱৰ নাথপুৰত বাহৰ পাতি থকা লিলিমা বেগম নামৰ মহিলাগৰাকীৰ হাতত ২০ হাজাৰ টকাৰ  বিনিময়ত  কিশোৰীসকলক গতাই দিয়ে বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে। সেই অনুসৰি ৮জনকৈ দেহ ব্যৱসায়ী চক্ৰৰ সৈতে গ্ৰেপ্তাৰ হোৱা লোকৰ স্বীকাৰোক্তিৰ ভিত্তিতেই ওৰাং আৰক্ষীয়ে অতি কৌশলেৰে যথেষ্ট তৎপৰতাৰে হাৰিয়ানাৰ গুৰগাঁও আৰক্ষী থানাৰ অধীনস্থ চিকান্দাপুৰৰ পৰা তিনি কিশোৰীক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয় । আন্তঃৰাষ্ট্ৰীয় দেহ ব্যৱসায়ীৰ সৈতে জড়িত থাকি অসমৰ পৰা যুৱতী অথবা কিশোৰীসকলক নি বহিঃৰাজ্যৰ নাৰী ব্যৱসায়ী চক্ৰৰ হাতত গতাই দিয়া অনুসৰি আৰক্ষীয়ে অভিযান চলাই ৮জনকৈ লোকক গ্ৰেপ্তাৰ  কৰি ৬ ছেপ্টেম্বৰত জেল হাজোতলৈ প্ৰেৰণ কৰি নাৰী ব্যৱসায়ী চক্ৰটোক উৎখাত কৰে । আনহাতে, ওৰাং আৰক্ষীয়ে ৩০ আগষ্টত  দিল্লীৰ চিকান্দাপুৰত   গৈ ৩১ আগষ্টতো তিনিগৰাকী কিশোৰীক উদ্ধাৰ কৰিছিল ।
প্ৰেৰক বলোৰাম পাঠক
You might also like