নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডবকা টোলগেটত গাড়ীচালকক মাৰপিট : তিনি টোল কৰ্মীক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৩ জুনঃ হোজাই জিলাৰ ডবকা মিকিৰআটি টোলপ্লাজাত যোৱানিশা সংঘটিত হয় এক প্ৰচণ্ড মাৰপিটৰ ঘটনা৷ এই মাৰপিটৰ ঘটনাত আহত হয় ৰহিমুদ্দিন নামৰ এগৰাকী গাড়ী চালক৷ ঘটনাত জড়িত তিনিজনক নিশাই গ্ৰেপ্তাৰ কৰিছে ডবকা আৰক্ষীয়ে৷ ধৃত টোলগেটৰ কৰ্মচাৰীকেইজন হ’ল ৰাজস্থানৰ মহেন্দ্ৰ কুমাৰ, পশ্চিমবংগৰ ৰোহন নায়ক আৰু ডবকাৰ য়াহিয়া আলম। ৰোহন নায়ক আৰু মহেন্দ্ৰ কুমাৰ টোলগেটখনৰ ছুপাৰভাইজৰ বুলি জানিব পৰা গৈছে৷ ঘটনাটোৰ মূল অভিযুক্ত বিহাৰৰ মন্টু কুমাৰে ঘটনা সংঘটিত কৰিয়েই টোলপ্লাজাৰ পৰা পলায়ন কৰে বুলি জনা গৈছে৷ ঘটনাৰ পিছতেই ডবকা আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰি তিনিজনক গ্ৰেপ্তাৰ কৰিছে যদিও মূল অভিযুক্ত মন্টু কুমাৰক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ অৱশ্যে পলাতক মন্টুৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি বিশেষ সূত্ৰত প্ৰকাশ৷ উল্লেখ্য ডবকা টোলগেটখন অসমৰ অন্য ৭ খন টোলগেটৰ তুলনাত সৰ্বাধিক সময় চৰ্চাত থাকে৷ চালক-যাত্ৰীক দুৰ্ব্যৱহাৰ কৰাটো ডবকা টোলগেট কৰ্মচাৰীৰ নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিছে৷ সাধাৰণ কথাতেই টোলগেটখনৰ গুণ্ডা প্ৰকৃতিৰ কৰ্মচাৰীয়ে যানবাহন চালকক প্ৰহাৰ কৰে৷ হাতত লোৰ ৰ’ড পৰ্যন্ত লৈ খেদি আহে বাহন চালকক৷ ব্যক্তিগত বাহনৰ গৰাকী আনকি সাৰি যোৱা নাই এই সকলৰ পৰা৷ সততে বিতৰ্কত সোমাই থকা ডবকা টোলগেটৰ এইসকল কৰ্মচাৰীক নাকী লগাবলৈ কৰ্তৃপক্ষই ব্যৱস্থা লোৱাটো সময়ৰ দাবী৷

প্ৰেৰক হাফিজ আব্দুল আহাদ

You might also like