নগৰবেৰাৰ নায়টৰত তিনি বছৰীয়া শিশুৰ সলিল সমাধি
নিয়মীয়া বাৰ্তা, ১৬ জুলাই : নগৰবেৰাৰ নায়টৰত পানীভৰ্ত্তি দ খাৱৈত পৰি তিনি বছৰীয়া এটি ক’ণমানিৰ সলিল সমাধিক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। নাইটৰত মঙ্গলবাৰৰ পুৱাতেই সংঘটিত হয় এই শোকাৱহ ঘটনা। মৃত শিশুটি গাঁওখনৰ ইমৰান আলী নামৰ এজনৰ পুত্ৰ ইনজামুুল হক (৩)। বানপানী শুকাইছে যদিও চৌপাশে পানীৰে উপচি আছে খাল-বিল। তেনে পানীভৰ্ত্তি ঘৰৰ কাষৰে দ খাল এটাত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় শিশুটিয়ে। চোতালত খেলি থকা অৱস্থাত কিদৰে শিশুটি পানীত পৰিল তাক তৰ্কিবই নোৱাৰিলে কোনেও। ততালিকে শিশুটিৰ নিথৰ দেহ নগৰবেৰা চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে শিশুটি মৃত ঘোষণা কৰে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰে এক শোকাকুল পৰিবেশ।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস