নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী : ভৱানীপুৰৰ গলিয়াৰ পশু বজাৰত আজি দুটাকৈ চুৰি গৰু উদ্ধাৰ হোৱাৰ লগতে চুৰি গৰু দুটা বিক্ৰী কৰিবলৈ অহা তিনিজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে গৰু চুৰি কাৰ্যৰ মূল নায়ক পাঠশালাৰ এজন হোটেল ব্যৱসায়ীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তিনি দিন পূৰ্বে পাঠশালাৰ বজালী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নিকটৱৰ্তী চৰণীয়া পথাৰৰ পৰা চুৰি হৈছিল ভৌকামাৰী গাঁৱৰ অপূৰ্ব কাকতি নামৰ এগৰাকী গো পালকৰ তিনিটা গৰু। পাঠশালাৰ বৰবাং গাঁৱৰ বাসিন্দা হোটেল ব্যৱসায়ী নীলমণি চৌধুৰীয়ে গৰু তিনিটা চুৰি কৰি ২৫ হেজাৰ টকাত বিক্ৰী কৰিছিল বজালীৰ জালিঘাটা গাঁৱৰ ৰাকেশ দাস, ডুবি গাঁৱৰ ইব্ৰাহিম আলী আৰু পাঠশালাৰ ইছলামপুৰৰ ৰৌপ হুছেইনৰ ওচৰত। আজি ভৱানীপুৰৰ গলিয়াৰ পশু বজাৰত ৰাকেশ দাস, ইব্ৰাহিম আলী আৰু ৰৌপ হুছেইনে নীলমণি চৌধুৰীৰ পৰা ক্ৰয় কৰা দুটা চুৰি গৰু বিক্ৰী কৰিবলৈ গৈছিল। কিন্তু আকস্মিকভাৱে গৰুৰ গৰাকী অপূৰ্ব কাকতিয়ে আজি গলিয়া পশুবজাৰত যাওঁতে নিজৰ গৰুকেইটা চিনি পোৱাত সমস্ত ঘটনা পোহৰলৈ আহে। গলিয়া পশু বজাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ৰাইজৰ সহযোগত ভৱানীপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে চুৰি গৰুসহ ৰাকেশ দাস, ইব্ৰাহীম আলী আৰু ৰৌপ হুছেইনক গ্ৰেপ্তাৰ কৰে। আনহাতে চুৰি হোৱা এটা গৰু ৰাকেশ দাসৰ গৃহৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত গৰুৰ গৰাকী অপূৰ্ব কাকতিয়ে ভৱানীপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।
প্ৰেৰক ভূষণ তালুকদাৰ