শিৱসাগৰত হেৰ’ইনসহ তিনি যুৱক আটক
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ফাকুৱা উৎসৱৰ আনন্দৰ মাজতে দুটা সুকীয়া অভিযানত শিৱসাগৰ আৰক্ষীয়ে হেৰ’ইনসহ তিনি যুৱকক আটক কৰিছে। শান্তিবন পথৰ পৰা ৯.৮৫ গ্ৰামৰ দুটা কণ্টেইনাৰ ভৰ্তি হেৰ’ইনৰ সৈতে থানামুখ অঞ্চলৰ দেৱজিৎ দাসক আটক কৰিছে আৰক্ষীয়ে। আনহাতে ষ্টেচন চাৰিআলিৰ পৰা ১৯.৭৯ গ্ৰাম হেৰ’ইনসহ চেৰেকাপাৰ হাতীমূৰীয়া গাঁৱৰ বিশাল নাথ আৰু জেঙনিকটীয়াৰ আচিফ আহমেদক আটক কৰিছে আৰক্ষীয়ে। নিষিদ্ধ হেৰ’ইনৰ লগতে এখন টিভিএচ মটৰচাইকেলো আৰক্ষীয়ে জব্দ কৰিছে।
প্ৰেৰক প্ৰশান্ত বৰগোহাঁই