নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ তিনি যুৱকে কৃষিকৰ্মৰে দেখুৱাইছে স্বাৱলম্বনৰ পথ

নিয়মীয়া বাৰ্তা, ৩০ মে’ : নগাঁও জিলাৰ ৰূপহীহাটৰ ভুৰবন্ধাৰ তিনি যুৱকে কৃষি কৰ্ম কৰি সফলতাৰ বাট দেখুৱাইছে৷ চৰকাৰৰ পৰা কোনো সহায় লাভ নকৰাকৈয়ে একেৰাহে ৫ বছৰ ধৰি তিনি যুৱকে কৃষি কৰ্মৰ জৰিয়তে বছৰত উপাৰ্জন কৰে ১০ লাখকৈ টকা। যুৱক তিনিজনে আধুনিক পদ্ধতিৰে হালধীয়া তৰমুজ, তিয়ঁহ, কেপছিকাম, জলকীয়া আদি বিভিন্ন খেতি কৰি আছে৷ বান-গৰাখহনীয়াই ভাৰাক্ৰান্ত কৰি অহা অঞ্চলটোত ‌আধুনিক পদ্ধতিৰে বিভিন্ন ধৰণৰ খেতি-বাতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে যুৱক তিনিজনে আন দহজনকো দিছে কৰ্মসংস্থাপনৰ পথ। কৃষকসকলৰ বাবে চৰকাৰে যোগান ধৰা আচঁনিসমূহ লাভ কৰাৰ বাবে বাৰে বাৰে চেষ্টা কৰিও বিফল হৈছে এই যুৱক তিনিজন। সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰাক প্ৰকৃত কৃষকসকলৰ ওপৰত সুদৃষ্টি দিয়াৰ আহ্বান জনাইছে যুৱক তিনিজনে।

প্ৰেৰক জহিৰুল ইছলাম

You might also like