নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত চলন্ত ই-ৰিক্সাত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা তিনি যুৱকৰ

🔹 থানাত এজাহাৰ দাখিল পৰিয়ালৰ

নিয়মীয়া বাৰ্তা,  ১৬ অক্টোবৰ : তিতাবৰ চহৰৰ মাজমজিয়াত দিন-দুপৰতে সংঘটিত হ’বলৈ ধৰা একাংশ অসামাজিক আৰু লজ্জাজনক কাণ্ডই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।‌ শেহতীয়াকৈ তিতাবৰত চলন্ত ই-ৰিক্সাত এগৰাকী ছাত্ৰীৰ তিনি যুৱকে শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, ছাত্ৰীগৰাকীয়ে এখন হালধীয়া ৰঙৰ ই-ৰিক্সাত উঠি বিদ্যালয়লৈ গৈ থকা অৱস্থাত তিনিজন যুৱকে ই-ৰিক্সাত উঠি বলপূৰ্বক ছাত্ৰীগৰাকীৰ ইউনিফৰ্ম পৰ্যন্ত ফালি পেলায়। ঘটনাটোৰ সময়ত ই-ৰিক্সাৰ চালকগৰাকীয়ে একোৱেই মাত নমতাৰ লগতে ভাৰা নোলোৱাকৈ আদবাটতে ছাত্ৰীগৰাকীক নমায় দিয়ে বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই সমগ্ৰ ঘটনা উল্লেখ কৰি ছাত্ৰীগৰাকীৰ পৰিয়ালে তিতাবৰ থানাত এজাহাৰ দাখিল কৰিছে। ঘটনাটোক লৈ সম্প্ৰতি তিতাবৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে, পৰিয়ালটোৰ এজাহাৰ পঞ্জীয়ন কৰি তিতাবৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

প্ৰেৰক অজয় শইকীয়া

You might also like