নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : শনিবাৰে নিশা শদিয়া আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত শদিয়াৰ তিনি যুৱকক অৰুণাচলৰ খাৰচাঙত আটক কৰি তিনিও যুৱকক এনকাউন্টাৰ কৰা ঘটনাত সমগ্ৰ তিনিচুকীয়া জিলাখনতে চাঞ্চল্য বিৰাজ কৰিছে । ইফালে, নিশা সংঘটিত হোৱা ঘটনাত আহত হোৱা কেউজন যুৱকৰ ঘৰ শদিয়াত বুলি জানিব পৰা গৈছে আৰু বৰ্তমান আহত যুৱককেইজনক ডিব্ৰুগড় মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ কথা আৰক্ষীয়ে জানিবলৈ দিছে। আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা বুলি অভিযুক্ত হোৱা শদিয়াৰ যুৱককেইজন হৈছে শদিয়াৰ মিলন নগৰৰ দ্বীপজ্যোতি নেওগ (২৬), স্কুল চাৰিআলিৰ বিশ্বনাথ বৰগোহাঁই (৩৫), নিজৰাপাৰৰ মনোজ বুঢ়াগোহাঁই (৩৫) । গুৰুত্বপূৰ্ণ কথা যে আটাইকেইজন অভিযুক্ত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী আছিল আৰু কিছুমাহ পূৰ্বে পৰিবহণ নিগমৰ যি ৭০০ কৰ্মচাৰীৰ চাকৰি কৰ্তন হৈছিল, তাৰ ভিতৰত কেউজনে চাকৰিৰ পৰা বিতাড়িত হৈছিল । শদিয়াৰ আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত চলিছিল এই অভিযান আৰু এই অভিযানৰ পিছতে শদিয়া জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়া মতে শনিবাৰৰ নিশা পৰিয়ালৰ লোকে দিয়া অভিযোগৰ ভিত্তিত আটাইকেউজন অভিযুক্তক নিশাই কৰায়ত্ত কৰিবলৈ শদিয়া আৰক্ষী তৎপৰ হৈছিল । আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে বিশেষকৈ অভিযুক্ত তিনিওজন যুৱকে পৰিয়ালৰ লোকক ফোনেৰে আলফা স্বাধীনত গৈ যোগদান কৰাৰ কথা অৱগত কৰি কয়- তেওঁলোকে এখন মাৰুতি গাড়ীৰে জাগুন পাৰ হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ গৈ আছে আৰু মাৰুতি গাড়ীখন জাগুনৰ ওচৰতে এৰি থৈ গুচি যাব আৰু পৰিয়ালৰ লোকে যাতে জাগুনৰ পৰা মাৰুতি গাড়ীখন লৈ আহে। ইয়াৰ পিছতে পৰিয়ালৰ তৰফৰ পৰা শনিবাৰে নিশা অধিক তৎপৰ হৈ শদিয়া আৰক্ষী থানাত উপস্থিত হৈ সকলো কথা অৱগত কৰি আৰক্ষীক অভিযোগ দাখিল কৰি এজাহাৰ প্ৰদান কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিতে নিশা এই অভিযান চলিছিল আৰু নিশাই আৰক্ষীয়ে অসম ৰাইফলছৰ সহযোগত অৰুণাচলৰ খাৰচাঙত কৰায়ত্ত কৰি আনি থাকোঁতে অভিযুক্ত যুৱককেইজনে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে । আনহাতে, আলফা স্বাধীনলৈ গমন হোৱাত অভিযুক্ত যুৱককেইজনৰ অন্যতম অভিযুক্ত মনোজ বুঢ়াগোহাঁইৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, অভিযুক্ত মনোজ বৰ্তমান এখন ব্যক্তিগত যাত্ৰীবাহী বাহনৰ এজন গাড়ীচালক হিচাপে কৰ্মৰত আছিল আৰু শনিবাৰে পুৱা নিজৰ বন্ধুবৰ্গৰ লগত বনভোজ খাবলৈ গৈছিল বুলি জানিবলৈ দিছিল, য’ত অভিযুক্ত আন দুজনেও মনোজক সংগ দিছিল। কিন্তু উক্ত দিনা অভিযুক্ত মনোজ নিশা দেৰিলৈকে ঘৰলৈ ঘূৰি নহাৰ বাবে আৰক্ষীক পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰি শদিয়া আৰক্ষীৰ সহায় বিচাৰিছিল বুলি জানিবলৈ দিয়ে । নিশা পৰিয়ালৰ লোকে ফোনযোগে খবৰ লোৱাত তিনিও যুৱকে মাদক দ্ৰব্য সেৱন কৰি মাতাল অৱস্থাত আছিল বুলি জানিব পাৰিছিল আৰু তেওঁলোকে যে আলফা স্বাধীনলৈ এনেদৰে যাবলৈ পৰিকল্পনা কৰিব পাৰে, তাক লৈও পৰিয়ালৰ লোক এতিয়াও সন্দেহৰ আৱর্তত বুলি জানিবলৈ দিছে ।
প্ৰেৰক : সমৰজ্যোতি গগৈ-ঋতুপৰ্ণ সোণোৱালৰ যুটীয়া প্ৰতিবেদন