নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইভিএমযোগে হ’ব ৮১ পৌৰসভাৰ প্রতিটো ৱার্ডৰ ভোটগ্রহণ

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ সমাগত ৰাজ্যৰ ৮১খন পৌৰসভাৰ নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়া সম্পন্ন কৰা হ’ব ই ভি এমৰ জৰিয়তে৷ শুকুৰবাৰে  এই সন্দর্ভত অসম ৰাজ্যিক নির্বাচন আয়োগে আনুষ্ঠানিক নির্দেশনা জাৰি কৰিছে৷ ‘দ্য ইলেকচন অৱ কমিছনার্ছ অৱ মিউনিচিপাল ব’ৰ্ডচ (এমেণ্ডমেণ্ট) ৰুল্ছ–২০২১’ ৫২ এ নং বিধিৰ অধীনত ৰাজ্যিক নির্বাচন আয়ুক্ত আলোক কুমাৰে এই সম্পর্কীয় নির্দেশনা জাৰি কৰে৷

নির্দেশনাত উল্লেখ কৰা অনুসৰি নির্বাচন অনুষ্ঠিতব্য পৌৰসভাসমূহ হ’ল– তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, মাকুম আৰু ডুমডুমা৷ শদিয়া মহকুমাৰ চাপাখোৱা পৌৰসভা, মার্ঘেৰিটা মহকুমাৰ মার্ঘেৰিটা আৰু ডিগবৈ পৌৰসভা৷ ডিব্রুগড় জিলাৰ ডিব্রুগড়, নাহৰকটীয়া, চাবুৱা আৰু নামৰূপ পৌৰসভা৷ শিৱসাগৰ জিলাৰ শিৱসাগৰ, আমগুৰি আৰু ডিমৌ পৌৰসভা, নাজিৰা মহকুমাৰ নাজিৰা আৰু শিমলুগুৰি পৌৰসভা৷ চৰাইদেউ জিলাৰ সোণাৰি আৰু মৰাণ পৌৰসভা৷ যোৰহাট জিলাৰ যোৰহাট আৰু টীয়ক পৌৰসভা৷ তিতাবৰ মহকুমাৰ তিতাবৰ আৰু মৰিয়নি পৌৰসভা৷ গোলাঘাট জিলাৰ গোলাঘাট আৰু দেৰগাঁও পৌৰসভা৷ বোকাখাত মহকুমাৰ বোকাখাত পৌৰসভা৷ ধনশ্রী মহকুমাৰ সৰুপথাৰ আৰু বৰপথাৰ পৌৰসভা৷ নগাঁও জিলাৰ নগাঁও, ৰহা, ধিং আৰু কামপুৰ পৌৰসভা৷ হোজাই জিলাৰ হোজাই, লংকা, লামডিং আৰু ডবকা পৌৰসভা৷ ধেমাজি জিলাৰ ধেমাজি আৰু চিলাপথাৰ পৌৰসভা৷ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ, বিহপুৰীয়া আৰু নাৰায়ণপুৰ পৌৰসভা৷ ঢ়কুৱাখনা মহকুমাৰ ঢ়কুৱাখনা পৌৰসভা৷ বিশ্বনাথ জিলাৰ বিশ্বনাথ আৰু চতিয়া পৌৰসভা৷ গহপুৰ মহকুমাৰ গহপুৰ পৌৰসভা৷ শোণিতপুৰ জিলাৰ তেজপুৰ, ৰঙাপৰা, ঢ়েকীয়াজুলি আৰু জামুগুৰিহাট পৌৰসভা৷ দৰং জিলাৰ মঙলদৈ, ছিপাঝাৰ আৰু খাৰুপেটীয়া পৌৰসভা৷

মৰিগাঁও জিলাৰ মৰিগাঁও পৌৰসভা৷ কামৰূপ জিলাৰ পলাশবাৰী আৰু উত্তৰ গুৱাহাটী পৌৰসভা৷ ৰঙিয়া মহকুমাৰ ৰঙিয়া পৌৰসভা৷ নলবাৰী জিলাৰ নলবাৰী আৰু টিহু পৌৰসভা৷ বৰপেটা জিলাৰ বৰপেটা, বৰপেটাৰোড, হাউলী, সর্থেবাৰী আৰু সৰভোগ পৌৰসভা৷ বজালী জিলাৰ পাঠশালা আৰু পাটাছাৰকুছি পৌৰসভা৷ বঙাইগাঁও জিলাৰ বঙাইগাঁও পৌৰসভা৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অভয়াপুৰী পৌৰসভা৷ ধুবুৰী জিলাৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভা৷ বিলাসীপাৰা মহকুমাৰ চাপৰ, বিলাসীপাৰা আৰু সাপটগ্রাম পৌৰসভা৷ গোৱালপাৰা জিলাৰ গোৱালপাৰা আৰু লক্ষীপুৰ পৌৰসভা৷ কাছাৰ জিলাৰ শিলচৰ আৰু সোণাই পৌৰসভা৷ লক্ষীপুৰ মহকুমাৰ লক্ষীপুৰ পৌৰসভা৷ হাইলাকান্দি জিলাৰ হাইলাকান্দি আৰু লালা পৌৰসভা৷ কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ, বদৰপুৰ আৰু ৰামকৃষ্ণ নগৰ পৌৰসভা৷ উল্লেখ্য যে কালি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে অহা ১০ মার্চৰ পূর্বে ৰাজ্যত পৌৰসভাৰ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নির্বাচন আয়োগক অনুৰোধ জনাইছিল৷ তাৰ পাছতে ৰাজ্যিক নির্বাচন আয়োগৰ এনে ব্যাপক তৎপৰতা অতি গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷

You might also like