নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহস্পতিবাৰে আক্রান্ত ৯৩৫ মৃত ১৭

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ বৃহস্পতিবাৰে পুনৰ ক’ভিডত আক্রান্ত হৈছে ৯৩৫জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৬৩জন লোক কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি বৰপেটাৰ ৮১, গোলাঘাটৰ ৫৯, যোৰহাটৰ ৫৮জন লোক ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,১১,৭২৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৮৪ শতাংশ৷

ইপিনে বৃহস্পতিবাৰে দিনটোত সুস্থ হৈ উঠিছে ১,৩১০জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৯,০৮০জন লোক৷ আনহাতে আজি ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ১৭জন লোকৰ৷ ইয়াৰ তিনিজন যোৰহাটৰ৷ তদুপৰি কাছাৰ, কৰিমগঞ্জ আৰু লখিমপুৰৰ দুজনকৈ লোকৰ ক’ভিডত বিয়োগ ঘটিছে৷ সেইদৰে বাক্সা, ধেমাজি, ডিব্রুগড়, গোৱালপাৰা, গোলাঘাট, হোজাই, কামৰূপ আৰু নগাঁৱৰ এজনকৈ লোকৰ ক’ভিডত মৃত্যু ঘটিছে৷

You might also like