নিয়মীয়া বাৰ্তা, ১৭ জুলাই : টিংখাঙত বন্দী হ’ল বনৰজা । দীৰ্ঘদিন ধৰি টিংখাঙৰ নীলমণি চাহ বাগিচাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত সন্ত্ৰাস সৃষ্টি কৰি অহা এটা নাহৰফুটুকীক অৱশেষত পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় বন বিভাগে। নীলমণি চাহ বাগিচাৰ ১৬ নম্বৰ খণ্ডত বাঘটো কৰায়ত্ত কৰিবলৈ পিঞ্জৰা পতা হৈছিল। কালি নিশা পিঞ্জৰাবদ্ধ হয় এই প্ৰকাণ্ড নাহৰফুটুকীটো। উল্লেখযোগ্য যে দুদিন পূৰ্বে বাগিচাখনত কৰ্মৰত অৱস্থাত এগৰাকী মহিলাক বাঘে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল। তাৰ পিছতেই বাঘটোক ধৰিবলৈ পিঞ্জৰা পতা হৈছিল। বাঘটো পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ পোৱাৰ লগে লগেই বাঘ চাবলৈ ভিৰ কৰে স্থানীয় ৰাইজে। আজি খোৱাং তিলৈস্থিত বন বিভাগৰ কাৰ্যালয়ৰ পৰা বন বিভাগৰ লোকে আহি পিঞ্জৰাবদ্ধ বাঘটোক লৈ যায়। পিঞ্জৰাবদ্ধ বাঘটো বৰ্তমান ক’ত মুকলি কৰা হব, এই সন্দৰ্ভত বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰিহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ।
প্ৰেৰক কৃষ্ণ গগৈ