নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত বৰাহী চাহ বাগিচাত পোৱালিসহ বাঘিনীৰ মুক্ত বিচৰণ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ সোণাৰিৰ বৰাহী চাহ বাগিচাত পোৱালি সহ বাঘিনীৰ বিচৰণত আতংকিত হৈ পৰিছে বাগিচা খনৰ শ্ৰমিক জনতা। উল্লেখযোগ্য যে, বিগত কেবাদিন ধৰি বাগিচাখনৰ ঠাই বিশেষে ২/৩ মহীয়া নাহৰফুটুকী বাঘৰ তিনিটাকৈ পোৱালিয়ে লোকচক্ষুৰ সন্মুখত মুকলিকৈ বিচৰণ কৰি থকা দৃষ্টিগোচৰ হৈছে। দিনৰ ভাগত বাঘ পোৱালি কেইটা সকলোৰে চকুৰ সন্মুখলৈ আহিছে যদিও বাঘিনী গৰাকী অদ্যপি লোকচক্ষুৰ সন্মুখলৈ অহা নাই। ইফালে বাগিচাখনৰ কেবাগৰাকী লোকৰ পোহনীয়া পশুধন বিগত কেবাটাও দিনত বাঘে মাৰি ভক্ষণ কৰিছে বুলি জানিব পৰা গৈছে। মনকৰিবলগীয়া যে, সন্ধিয়া নামি অহাৰ অহাৰ লগে লগে বাঘিনীৰ গোজৰণিত আতংকিত হৈ পৰিছে স্থানীয় জনসাধাৰণ। ইফালে দিনৰ ভাগত মুকলিকৈ ঘূৰি ফুৰা বাঘ পোৱালিৰ বিচৰণ স্থানীয় একাংশ লোকে মবাইল ফোনত ভিডিঅ ৰেকৰ্ডিং কৰিবলৈ হেতা ওপৰা লগোৱা পৰিলক্ষিত হৈছে। বৰ্তমানলৈকে পোৱালিসহ বাঘিনীজনীয়ে কোনো লোকক আক্ৰমণ কৰা নাই যদিও একাংশ অত্যুৎসাহী লোকে বাঘ পোৱালিৰ বিচৰণ মবাইলত ৰেকৰ্ডিং কৰিবলৈ হেতা ওপৰা লগোৱাত যিকোনো মূহুৰ্তত অঞ্চলটোত অনাকাংক্ষিত পৰিবেশ সৃষ্টি হোৱাৰ আশংকা নামি আহিছে। স্থানীয় সচেতন ৰাইজে তিনিওটা পোৱালিসহ বাঘিনীজনীক নিৰাপদে উদ্ধাৰ কৰি বনাঞ্চলত মোকলাই দিয়াৰ ব্যৱস্থা কৰাৰ লগতে স্থানীয় ৰাইজৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ বন বিভাগৰ ওচৰত দাবী জনাইছে।

প্ৰেৰক দুষ্যন্ত নাথ

You might also like