নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ ভোগালী বিহুৰ উৰুকাৰ দিনাই টিংখাঙত সংঘটিত হয় এক জঘন্য ধর্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা৷ উৰুকাৰ আগনিশা টিংখাং সমষ্টিৰ বৰবাম আৰক্ষী চকীৰ অন্তর্গত ১নং নগাবাট গাঁও নিৱাসী ৫৯ বছৰীয়া মহিলা এগৰাকীক ঘৰৰ ভিতৰত শুই থকা অৱস্থাত কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰি তেওঁৰ ১৮ বছৰীয়া ভতিজীক পথাৰৰ মাজলৈ নি ধর্ষণ কৰি বর্বৰভাৱে হত্যা কৰি পেলাই থৈ যায়৷
উৰুকাৰ দিনা দুপৰীয়া মহিলাগৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰত উদ্ধাৰ হোৱাৰ বিপৰীতে যুৱতীগৰাকীৰ মৃতদেহ পথাৰৰ মাজত সম্পূর্ণ উলংগ অৱস্থাত উদ্ধাৰ কৰা হয়৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগেই অঞ্চলজুৰি সৃষ্টি হয় তীব্র চাঞ্চল্য৷ ঘটনাস্থলীত টিংখাং আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে৷ ঘৰৰ ভিতৰত মহিলাগৰাকীৰ মৃতদেহৰ কাষতে পৰি থকা কুঠাৰ এখন আৰক্ষীয়ে উদ্ধাৰ কৰে৷ আৰু এই কুঠাৰেৰে আঘাত কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷
আনহাতে, পথাৰৰ মাজত যুৱতীগৰাকী সম্পূর্ণ উলংগ অৱস্থাত উদ্ধাৰ হোৱাত ধর্ষণ কৰি হত্যা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে৷ ইফালে, ঘটনা সংঘটিত হোৱা দুটা দিন উকলি যোৱাৰ পাছতো আজি পর্যন্ত হত্যাকাৰীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্রশাসনে৷ এই জঘন্য ঘটনাত জডিত দোষীক ২৪ ঘণ্টাৰ ভিতৰত গ্রেপ্তাৰ কৰি কোনো কাৰণত যাতে আইনী ব্যৱস্থাত সাৰি যাব নোৱাৰে, তাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে সদৌ আদিবাসী ছাত্র সন্থাই৷
আছাৰ কেন্দ্রীয় নেতা ৰুস্তম কুজুৰে প্রতিক্রিয়া প্রকাশ কৰি ২৪ ঘণ্টাৰ ভিতৰত দোষীক গ্রেপ্তাৰ কৰিব নোৱাৰিলে তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে৷ আনহাতে, ঘটনাৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা পৱন সি ঘাটোৱাৰ আৰু প্রাক্তন মন্ত্রী এতোৱা মুণ্ডাই৷ প্রাক্তন মন্ত্রী দুগৰাকীয়ে আজি ঘটনাস্থলী পৰিদর্শন কৰাৰ লগতে দুর্ভগীয়া পৰিয়াল দুটাৰ বাসগৃহলৈ গৈ এই জঘন্য ঘটনাৰ তীব্র নিন্দা কৰি দোষীক শীঘ্রে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্রদান কৰিবলৈ দাবী জনায়৷ অন্যথা কংগ্রেছ দলেও ৰাজপথলৈ ওলাই প্রতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ব বুলি প্রকাশ কৰে৷