তিনিচুকীয়া–তালাপত চাৰি বাইক আৰোহীৰ কৰুণ মৃত্যু
নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ তিনিচুকীয়া চহৰত তীব্র বেগী ট্রাকৰ দৌৰাত্ম্যই পুনৰ প্রাণ কাঢ়ি নিলে দুজনকৈ লোকৰ৷ শুকুৰবাৰে তিনিচুকীয়া চহৰৰ সদাব্যস্ত নপুখুৰীৰ মিলনপল্লী এলেকাৰ পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা৷ এখন তীব্র বেগী ট্রাকে AS-23BC-4906) এখন মটৰচাইকেলত AS-06T-1301) পিছপিনৰ পৰা তীব্র বেগেৰে খুন্দা মৰাত মটৰচাইকেলখনৰ লগতে দুয়োজন আৰোহী মাটিত বাগৰি পৰে আৰু তীব্র বেগী ট্রাকখন দুয়োগৰাকী লোকৰ ওপৰেৰে পাৰ হৈ যায়৷ ফলত ঘটনাস্থলীতে মৃত্যু হয় দুয়ো মটৰচাইকেল আৰোহী অজয় দাস আৰু ৰঞ্জিত দে’ৰ৷ প্রত্যক্ষদর্শী ৰাইজে খেদি গৈ তীব্র বেগী ট্রাকখন ৰখাবলৈ সক্ষম হয়৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা চমজি লয় আৰু ট্রাকচালকক আটক কৰে৷
তালাপত ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘর্ষত দুজনৰ মৃত্যু
তিনিচুকীয়াৰ তালাপ আৰক্ষী চকীৰ অন্তর্গত তালাপ ডাকঘৰৰ সমীপত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত আজি দিনৰ ভাগত হোৱা ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘর্ষৰ ফলত দুজন লোকৰ মৃত্যু হয়৷ প্রাপ্ত তথ্য মতে, আজি দিনৰ প্রায় ১২.৪৫ বজাত ৰূপাইৰ পৰা তালাপ অভিমুখে দুজন লোকেAS-23Q-2457 নম্বৰৰ বাজাজ চিটী ১০০ বাইকেৰে আহি থাকোঁতে বিপৰীত দিশৰ পৰা অর্থাৎ তালাপৰ দিশৰ পৰা ৰূপাই অভিমুখে গৈ থকাAS-23BC-7233 নম্বৰৰ এখন ডাম্পাৰৰ সৈতে মুখামুখি সংঘর্ষ হয়৷ দুর্ঘটনাত বাইকচালক ডুমডুমাৰ বিচাকুপি চাহ বাগিচাৰ শান্তি নগৰ নিৱাসী বিকি ধৰৰ (২২) ঘটনাস্থলীতে মৃত্যু হয়৷ আনজন আৰোহী ডুমডুমা বিচাকুপি চাহ বাগিচাৰে ২নং লাইন নিৱাসী ৰুকমন মহানন্দ (২১) গুৰুত্বভাৱে আহত হোৱাত স্থানীয় ৰাইজে আৰক্ষীৰ সহায়ত সমীপৱর্তী ৰূইপাইস্থিত এখন ব্যক্তিগত নার্ছিং হোমত ভর্তি কৰোৱায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ আনহাতে, দুর্ঘটনাত পতিত হোৱা ডাম্পাৰখন বাগৰি এটা দ’ খাৱৈত পৰে৷ সন্ধিয়া ডুমডুমাৰ ৰূপাই ডনবস্ক’ হাইস্কুলৰ সন্মুখত স্থানীয় ৰাইজে নিহত বিকি ধৰ আৰু ৰুকমন মহানন্দৰ উচিত ক্ষতিপূৰণ আৰু তীব্র বেগী ডাম্পাৰক নিয়ন্ত্রণ কৰাৰ দাবীত ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ বাতৰি লিখাৰ পৰলৈকে পথ অৱৰোধ অব্যাহত থকাত পথটোৰ দুয়োপাৰে তীব্র্র যান–যঁট হৈছে৷
শিৱসাগৰৰ চেৰেকাপাৰত পথ দুর্ঘটনাঃ বুলেটৰ খুন্দাত থিতাতে নিহত স্কুটী আৰোহী
শিৱসাগৰ চহৰৰ সমীপৰ চেৰেকাপাৰ আৰক্ষী চকীৰ অন্তর্গত চেৰেকাপাৰ পেট্র’ল পাম্পৰ সন্মুখত কালি নিশা সংঘটিত এক পথ দুর্ঘটনাত থিতাতে এজন স্কুটী আৰোহীৰ মৃত্যু হয়৷ মৃত স্কুটী আৰোহীজন জয়সাগৰ আৰক্ষী চকীৰ অন্তর্গত ৰূপহী মঠাদাঙৰ মুনীন গগৈ (৬২)৷ কালি সন্ধিয়া এ এছ–০৪ এল–৯২৮৩ নম্বৰৰ স্কুটীখনেৰে মুনীন গগৈয়ে সিংহদুৱাৰৰ পৰা সকাম খাই ঘৰলৈ উভতি অহাৰ পথত চেৰেকাপাৰ পেট্র’ল পাম্পত তেল ভৰাবৰ বাবে প্রৱেশ কৰাৰ সময়তেই পিছে পিছে আহি থকা এখন বুলেটে প্রচণ্ড বেগত মুনীন গগৈক খুন্দিয়ায়৷ এ এছ–০৪ আৰ–৭৭০৪ নম্বৰৰ বুলেটখনৰ খুন্দাত গুৰুতৰভাৱে আহত মুনীন গগৈক লগে লগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও কিছু সময়ৰ পাছতেই তেওঁৰ মৃত্যু হয়৷ আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰাৰ লগতে বুলেটখনৰ চালক ৰঘুবাৰী নিৱাসী সুকল্যাণ চিৰিং ফুকনক আটক কৰিছে৷