নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ তিনিচুকীয়াৰ লেখাপানী থানাৰ অন্তৰ্গত টিপং কলিয়ৰীৰ চালী নামৰ ঠাইত নিশা গুলীচালনাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুখত কলা কাপোৰ মাৰি আহিছিল দুৰ্বৃত্তই। দুই ৰাউণ্ড গুলীচালনা কৰি এখন দোকান, এখন মটৰ চাইকেল ক্ষতিগ্ৰস্ত কৰাৰ লগতে এজন যুৱকক আক্ৰমণ কৰি পলায়ন কৰে দুৰ্বৃত্তই। উল্লেখ্য যে দুৰ্বৃত্তজনে প্ৰথমে চালিত অৱস্থিত গেলামাল দোকান খনৰ সন্মুখত উপস্থিত হৈয়ে শূন্যলৈ এক জাঁই গুলি চলায়। তাৰ পাছত ৰবি কুমাৰ শ্বাহ লামৰ লোকজনৰ গেলামাল দোকানত উপস্থিত হৈ দোকানী ৰবি কুমাৰ শ্বাহক মূৰত বন্দুক লগাই দোকান সোনকালে বন্ধ কৰাৰ ভাবুকি দিয়ে। পৰৱৰ্তী সময়ত যুৱকজনে তেখেতৰ দোকানৰ কিছু আচবাব ক্ষতি কৰে । তেনে সময়তে দোকান খনৰ কাষতে লাগি থকা নিবাসী ৰিনা দেৱী নামৰ মহিলাগৰাকীৰ সৈতে পৰিয়ালটো ঘটনাৰ বুজ লবলৈ বুলি ততাতৈয়াকৈ দোকানখনত উপস্থিত হয়। পৰিয়ালটো উক্ত স্থানত উপস্থিত হোৱাৰ লগে লগে যুৱক জনে আতাইকেইজনকে খেদি আনি বাসগৃহটোত বন্দী কৰি থৈ বাহিৰলৈ ওলাই নহাৰ ভাবুকি দিয়ে। তাৰ পাছতেই বন্দুক ধাৰী যুৱকজনে দোকানৰ সন্মুখত ৰখাই থোৱা তিনিখন মটৰ চাইকেলত গোৰ মাৰি ক্ষতি কৰে।লগতে উক্ত স্থানত ৰৈ থকা কৃষ্ণ ৰাজপুত আৰু দীপক থাপা নামৰ লোক দুজনক পিষ্টলৰ গাদীৰে প্ৰহাৰ কৰে। লগে লগে আতাইকেইজন লোক তাৰ পৰা পলাই প্ৰাণ ৰক্ষা কৰে। শেষত যুৱকজনে পুনৰ এজাই শূণ্যলৈ গুলীচালনা কৰি ফিনবিৰু গাঁৱৰ দিশে আঁতৰি যায়। নিশা ঘটনাস্থলীত লেখাপানী আৰক্ষী আৰু অসম ৰাইফলছৰ এটা দল ৰাওনা হয় যদিও মুখত মাক্স পৰিধান কৰি অহা বন্দুক ধাৰী যুৱকজনৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান উক্ত ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ এলেকাটোত এক চেপা উত্তেজনা বিৰাজ কৰি আছে।
প্ৰেৰক মাসপ্ৰতিম গগৈ