নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভায়েক-বায়েকৰ জালত তিনিচুকীয়াৰ বহু সম্ভ্ৰান্ত প্ৰভাৱশালী লোক

🎯 তিনিচুকীয়াৰ অভিজিৎ চান্দাক আটক ডিব্ৰুগড় আৰক্ষীৰ
বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : ৰাজ্যজুৰি এতিয়া ট্ৰেডিঙৰ নামত চলোৱা প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে পোহৰলৈ আহিছে প্ৰতিটো প্ৰান্তত ট্ৰেডিঙৰ নামত পেলোৱা জালৰ বিষয়ে ৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে বিশাল ফুকনক, সপোনৰ সদাগৰ স্বপ্ননীল দাসক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷ তাৰ মাজতে পোহৰলৈ আহিছে বিশাল ফুকনৰ পাতি লোৱা বায়েক চুমী বৰুৱাৰ লগতে বিভিন্নজনৰ প্ৰৱঞ্চনাৰ জালৰ যোগসূত্ৰৰ তথ্য। তাৰ মাজতে ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়া আৰক্ষীৰ সহযোগত তিনিচুকীয়া চহৰৰ তামূলবাৰীৰ পৰা আটক কৰে অভিজিৎ চান্দা নামৰ এজন লোকক৷ আটক কৰিয়েই ডিব্ৰুগড় আৰক্ষীয়ে তদন্তৰ কাৰণে ডিব্ৰুগড়লৈ লৈ যায়৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি, বুধবাৰে মাজনিশা আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰি লৈ যায় ৷ অভিজিৎ চান্দাই কি কাম কৰে কোনো নাজানে ৷ কিন্তু হঠাৎ চান্দাৰ জীৱন যাত্ৰাত হয় ব্যাপক সালসলনি৷ সঘনে কৰে বিদেশ ভ্ৰমণ৷ তিনিচুকীয়াৰ একাংশ ভুক্তভোগী লোকৰ অভিযোগ অনুসৰি, তিনিচুকীয়াৰ অভিজিৎ চান্দা নামৰ লোকজনে বহু সাধাৰণ লোকৰ কাষলৈ গৈছিল। সাধাৰণ লোকৰ কাষলৈ গৈ ট্ৰেডিঙত ধন বিনিয়োগ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে আৰু তাৰ বিনিময়ত মাহত ১০ শতাংশ লাভাম্বিত হ’ব৷ বিনিয়োগকাৰীয়ে তিনিমাহৰ মূৰত ধন লাভ কৰিব মুঠ ৩০ শতাংশ লাভেৰে৷ সেইসূত্ৰে এক চুক্তিবদ্ধ পত্ৰত স্বাক্ষৰিত কৰে৷ ঠিক তেনেদৰেই তিনিচুকীয়াৰ অৰ্ধশতাধিক লোকক অভিজিৎ চান্দাই একাংশ বচা বচা ব্যৱসায়ী, চাকৰিয়াল লোকৰ কাষ চাপে আৰু বিভিন্ন লোকৰ পৰা মোতা মোতা ধন বিনিয়োগ কৰায় ৷ একোজন লোকক ২ লাখ টকাৰ পৰা ১.৫ কোটি টকালৈ বিনিয়োগ কৰায় ৷ পৰৱৰ্তী সময়ত প্ৰায় এপ্ৰিল মাহৰ পৰা এজেণ্টসকলক কোম্পানীয়ে দিয়া ৫ শতাংশ কমিচন দিয়া বন্ধ কৰাত এজেণ্টসকলে বিনিয়োগকাৰী দিয়াত বন্ধ কৰে ৷ একপ্ৰকাৰে এপ্ৰিলৰ পৰাই সংকেত লাভ কৰে ভায়েক-বায়েকৰ কোম্পানীয়ে৷ এক তথ্য অনুসৰি, তিনিচুকীয়াৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়েও বায়েকৰ পাল্লাত পৰি ভায়েকৰ লগত ধন বিনিয়োগ কৰিছিল প্ৰায় ৫ লাখ টকা আৰু সেইগৰাকী কণ্ঠশিল্পী আৰু বায়েকৰ অনুৰোধত আন এগৰাকী ৰাজনীতিৰ স’তে জড়িত ব্যক্তিয়ে বিনিয়োগ কৰে এক বৃহৎ পৰিমাণৰ ধন। কিন্তু সকলো বিনিয়োগকাৰীয়ে এতিয়া মাত্ৰ নিজৰ কষ্টোপাৰ্জিত ধনখিনি উভতাই পোৱাৰ আশাতেই আৰক্ষীৰ কাষ চপাৰ পৰা বিৰত থকা বুলি জানিব পৰা গৈছে৷
প্ৰেৰক বিবেক বড়া
You might also like