নিয়মীয়া বাৰ্তা, ১৪ জুন : তিতাবৰীয়া ৰাইজৰ বহুদিনীয়া আশা পূৰণ হয় আজিৰ দিনটোত। তিতাবৰ আদৰ্শ আৰক্ষী থানাৰ নৱ নিৰ্মিত কাৰ্যালয় ভৱনটোৰ আজি শুভ উদ্বোধন কৰা হয়। অসম পুলিচৰ আই জি পি জিৎমল দলে আজি আনুষ্ঠানিকভাৱে ভৱনটোৰ উদ্বোধন কৰে, তেওঁৰ লগত জিলা আৰক্ষী অধীক্ষক মোহন লাল মিনা আৰু তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি, তিতাবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষ্মণ কুমাৰ দাস সহিতে জিলাখনৰ বহু কেইবাগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত থাকে।ভৱন উদ্বোধন কৰি সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত বিষয়া গৰাকীয়ে চৰকাৰে গ্ৰহণ কৰা অসমৰ থানা সমূহৰ পুনৰ নিৰ্মান পদক্ষেপ ক শলাগলয়। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিষয়া গৰাকীয়ে ব্যক্ত কৰে যে আৰক্ষীয়ে মানুহক ভয় প্ৰদৰ্শন কৰি লাভ নাই বৰঞ্চ মানুহৰ হৃদয় জয় কৰিব পাৰিলে বহু সাফল্যতা লাভ কৰিব পাৰে। নতুন ভৱন উদ্বোধন কৰি বিষয়া গৰাকীক যথেষ্ট উৎফুল্লিত দেখা গৈছিল তেওঁ আশাব্যক্ত কৰে যে যি সকল বিষয়া কৰ্মচাৰীয়ে এই নতুন ভৱনত কাৰ্য সম্পাদন কৰিব তেখেত সকলে এই ভৱনটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গুৰুত্ব সহকাৰে পালন কৰিব। চৰকাৰৰ মৈত্ৰী আঁচনিৰ জৰিয়তে নিৰ্মান কৰা এই ভৱনটোৰ ব্যয় আছিল এক কোটি পচিছ লাখ। আটক ধুনীয়াকৈ নিৰ্মান কৰা ভৱনটোৰ দুটা কোঠাত বাতানুকুল ব্যৱস্থাৰ লগতে সম্পূৰ্ণ ভৱনত চি চি টিভি সংলগ্ন কৰা হৈছে সেইদৰে পুৰুষ মহিলাৰ বাবে পৃথক পৃথক টিয়লেটৰ ব্যৱস্থা আৰু শিশু অপৰাধীৰ বাবে পৃথক কোঠা নিৰ্মান কৰা হৈছে।১৯১৫ চন মানতেই তিতাবৰত থানা স্থাপন কৰা হৈছিল।পৰৱৰ্তী সময়ত থানাৰ আকৃতি প্ৰকৃতিৰ পৰিৱৰ্তন হৈছিল যদিও এটা সময়ত আৰক্ষীৰ লোক সকলে বহু কষ্ট স্বীকাৰ কৰিব লগা হৈছিল জৰাজৰীণ অৱস্থাত বহু বছৰ পাৰ কৰিছিল আৰক্ষীৰ লোক সকলে, তিতাবৰবাসীয়ে বহু আশা কৰিছিল এখন সুন্দৰ আৰু দৃষ্টি আকৰ্ষণ কৰিব পৰা আদৰ্শ থানাৰ আজি সেই আশা পূৰণ হোৱাত তিতাবৰীয়া ৰাইজে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা অসম চৰকাৰক কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰিছে।
প্ৰেৰক ইউচুফ আলী