নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি মহাপুৰুষজনাৰ জন্মস্থান লেটেকু পুখুৰীতো পালন কৰা হয়। গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথি উপলক্ষ্যে পুৱাৰে পৰা দিনজোৰা কাৰ্যসুচীৰে আৰম্ভ হৈছে নাম কীৰ্তন। সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা অনুসৰি মহাপুৰুষ গুৰুজনাৰ জন্মস্থান লেতেকুপুখুৰীত পালন কৰা হৈছে তিৰোভাৱ তিথি৷ কাৰ্যসূচী অনুসৰি আজি পুৱা ঊষা কীৰ্ত্তন অনুষ্ঠিত হয়। বলোৰাম বৰগায়নৰ নেতৃত্বত পৰিবেশ নিকাকৰণ, প্ৰবীন ডেকাৰ নেতৃত্বত বৃক্ষৰোপণ কৰাৰ পিছতে ভাগৱতী সমাজৰ নেতৃত্বত নাম প্ৰসংগ অনুষ্ঠিত হয়। গুৰুবাদ্য প্ৰদৰ্শন কৰা হয় ধীৰেন চেকনিধৰা আৰু শোভন বৰাৰ নেতৃত্বত। ডিব্ৰুগড়ৰ নামৰ দলৰ দ্বাৰা সামুহিক নাম কীৰ্তনৰ অন্তত বিয়লি প্ৰসাদ বিতৰণ আৰু সন্ধিয়া মুহিৰাম শইকীয়াৰ নেতৃত্বত বন্তি প্ৰজ্বলনৰ পিছতে আজিৰ কাৰ্যসূচীৰ সামৰণি পৰে ৷ ভকতৰ পদৰেণুৰে দ্বিতীয় বৈকুণ্ঠপুৰীসদৃশ পৰিৱেশ সৃষ্টি হয় লেটেকুপুখুৰীত।
প্ৰেৰক চন্দন শইকীয়া