নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচাৰ অভিযানৰ অন্তঃ কাইলৈ তিৱা স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্রহণ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ  বিটিচি নির্বাচন সমাপ্ত হোৱাৰ পিছতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে প্রস্তুতি সম্পূর্ণ হৈছে৷ তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুঠ ৩৬টা সমষ্টিৰ বাবে অহা ১৭ ডিচেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ মুঠ ৩,০৮,৪০৯গৰাকী ভোটাৰে মুঠ ১২৪গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ মুঠ ৪১০টা ভোটকেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে নগাঁও, মৰিগাঁও, হোজাই আৰু কামৰূপ মহানগৰ জিলাৰ কেইবাটাও অংশ সামৰি তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন অনুষ্ঠিত হ’ব৷ যোৱা ২৮ নৱেম্বৰ পর্যন্ত পৰিষদৰ নির্বাচনৰ বাবে মনোনয়ন–পত্র গ্রহণ কৰা হৈছিল৷ এক ডিচেম্বৰত সম্পন্ন কৰা হয় মনোনয়ন–পত্রৰ পৰীক্ষণ প্রক্রিয়া৷ তিনি ডিচেম্বৰত বৈধ প্রার্থীৰ তালিকা প্রকাশ কৰা হৈছিল৷ অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভোটগ্রহণৰ বাবে অন্ত পৰিছে প্রচাৰ অভিযানৰ৷ অহা ১৮ ডিচেম্বৰত প্রয়োজনসাপেক্ষে অনুষ্ঠিত হ’ব পুনৰ ভোটগ্রহণ৷

আনহাতে, ১৯ ডিচেম্বৰত ভোট গণনা অনুষ্ঠিত হ’ব৷ সেইদিনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা প্রক্রিয়া৷ অৱশ্যে তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন প্রক্রিয়াত বিটিচিৰ দৰে মানি চলা হ’ব ক’ভিড প্রট’কল৷ সেই অনুসৰি ভোটগ্রহণ কেন্দ্রসমূহত ভোটাৰসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ ভোটগ্রহণ কেন্দ্রসমূহত থাকিব লাগিব হাত ধোৱাৰ সুবিধা অথবা ছেনিটাইজাৰৰ ব্যৱস্থা৷ লক্ষণীয় যে ৰাজ্যিক নির্বাচন আয়োগে অধিসূচনা জাৰি কৰা পাছৰে পৰা বিভিন্ন ৰাজনৈতিক দলে পৰিষদৰ নির্বাচনৰ বাবে প্রচাৰ অভিযান আৰম্ভ কৰে৷ বিশেষকৈ কংগ্রেছ, অগপ আৰু বিজেপিয়ে পৰিষদৰ অন্তর্গত এলেকাসমূহত প্রচাৰ চলাইছে৷

ইপিনে, নির্বাচনৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ এটা অংশ সামৰি কাইলৈৰ পৰা ১৭ ডিচেম্বৰলৈ ঘোষণা কৰা হৈছে ড্রাই ডে’৷ উপায়ুক্তই জাৰি কৰা নির্দেশনা অনুসৰি খানাপাৰা ফ্লাই’ভাৰৰ পৰা ক্ষেত্রীলৈ আৰু পানীখাইতী ৰে’ল ক্রছিঙৰ পৰা মৰিগাঁও সীমান্তলৈ এই দুদিনত বন্ধ থাকিব সকলো সুৰাৰ বিপণী আৰু বাৰ আদি৷ ফলাফল ঘোষণাৰ তাৰিখ হোৱা হেতু ১৯ ডিচেম্বৰতো এই অঞ্চলত বন্ধ থাকিব সুৰাৰ বিপণী, বাৰ আদি৷

You might also like