আজি তিৱা পৰিষদৰ ভোটঃ বেলটযোগে ৩৫টা সমষ্টিত হ’ব ভাগ্য নির্ণয়
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ আজি অনুষ্ঠিত হৈছে তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনৰ ভোটগ্রহণ৷ মুঠ ৩৬টা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব নির্বাচন৷ ইয়াৰে ১০টা নগাঁও জিলা, ১৯টা মৰিগাঁও জিলা, ৬টা কামৰূপ মহানগৰ জিলা আৰু এটা সমষ্টি হোজাই জিলাৰ অন্তর্গত৷ অৱশ্যে আজি ৩৫টা সমষ্টিৰ বাবেহে ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ কিয়নো জাগীৰোডৰ গোভা সমষ্টিত বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে বিজেপিৰ মণিৰাম পাটৰ নামৰ প্রার্থীগৰাকী৷ কংগ্রেছৰ প্রার্থীগৰাকীৰ মনোনয়ন–পত্র নাকচ হোৱাৰ বাবে তেওঁ বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়৷
ইতিমধ্যে আজি ভোটগ্রহণ সুকলমে অনুষ্ঠিত কৰিবলৈ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে সংশ্লিষ্ট জিলা প্রশাসনসমূহে৷ ভোটগ্রহণ কেন্দ্রসমূহলৈ বেলট বাকচ আৰু অন্যান্য যাৱতীয় সামগ্রী লৈ ৰাওনা হৈছে বিষয়াসকল৷ কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয়, তাৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া অঞ্চলসমূহত গ্রহণ কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷ ক’ভিড প্রট’কল অনুসৰি এইবাৰ বিটিচিৰ দৰেই তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন অনুষ্ঠিত হ’ব৷
ইভিএমৰ সলনি বেলট পেপাৰত অনুষ্ঠিত হ’ব ভোট৷ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোটদান কৰিব পাৰিব ভোটাৰসকলে৷ এইবাৰ মুঠ ৩,০৮,৪০৯গৰাকী ভোটাৰে মুঠ ১২৪গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷ মুঠ ভোটগ্রহণ কেন্দ্র হৈছে ৪১০টা৷ ইপিনে, প্রয়োজনসাপেক্ষে অহা ১৮ ডিচেম্বৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব আৰু ১৯ ডিচেম্বৰত সম্পন্ন হ’ব ভোটগণনা প্রক্রিয়া৷ ১৯ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা প্রক্রিয়া আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ অন্তর্গত পৰিষদৰ ছয়টা সমষ্টিৰ বাবে ১০০টা ভোটগ্রহণ কেন্দ্রত ভোটদান কৰিব পাৰিব ভোটাৰে৷ ইতিমধ্যে প্রিজাইডিং বিষয়া, প’লিং বিষয়াসকলে ভোটগ্রহণ কেন্দ্রসমূহলৈ ৰাওনা হৈছে৷ গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অস্থায়ীভাৱে স্থাপন কৰা কেন্দ্রৰ পৰা তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত নিয়োজিত জিলাখনৰ বিষয়া–কর্মচাৰীসক নির্বাচনী সামগ্রী সংগ্রহ কৰি ভোটগ্রহণ কেন্দ্রলৈ ৰাওনা হয়৷ কামৰূপ মহানগৰ জিলাৰ অন্তর্গত পৰিষদৰ ৬টা সমষ্টি হৈছে ক্রমে ২৬নং ডিমৰীয়া, ৩২নং ডিগাৰু, ৩৩নং ক্ষেত্রী, ৩৪নং সোণাপুৰ, ৩৫নং আমপ্রী আৰু ৩৬নং ফংআৰি৷ গুৱাহাটীৰ কালিৰাম বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা প্রশাসনে এই নির্বাচনৰ বাবে ষ্ট্রং ৰুম স্থাপন কৰিছে৷ ১৯ ডিচেম্বৰত মহানগৰীৰ অন্তর্গত সমষ্টিসমূহৰ ভোটগণনা ইয়াতে সম্পন্ন কৰা হ’ব৷