জাগীৰোডৰ কাগজ কল ক্ষেত্ৰলৈ ৰাজধানী সম্প্ৰসাৰণৰ বিৰোধিতাৰে মৰিগাঁৱত তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ
বার্তা বুৰো, ১৭ জুনঃ আমি উন্নয়নৰ বিৰোধী নহয় কিন্তু তিৱা জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব পৰা যিকোনো কাৰ্যৰ আমি বিৰোধিতা কৰিম। মৰিগাঁৱৰ বিহুতলীত আজি সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত জাগীৰোডৰ কাগজ কল ক্ষেত্ৰলৈ ৰাজধানী সম্প্ৰসাৰণৰ বিৰোধিতাৰে এক প্ৰতিবাদী ধৰ্মঘট কায্যসূচী ৰূপায়ণ হয় । সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপক আমচং, সাধাৰণ সম্পাদক পদ্মেশ্বৰ মিথি, তিৱা সংগ্ৰামী নেতা ৰিমল আমচি আদি উপস্থিত থাকে।। উল্লেখ্য যে ষষ্ঠ অনুসূচীৰ ক্ষেত্ৰত চৰকাৰে প্ৰদৰ্শন কৰা হেমাহিৰ বিৰুদ্ধে সংগঠনটো প্ৰতিবাদমুখৰ হৈ পৰে।
প্ৰেৰক প্ৰাঞ্জল দাস