নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত বানৰ বাবে বন্ধ কৰিলে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথ

নিয়মীয়া বাৰ্তা, ১৭ জুন: প্ৰলয়ংকৰী বানত প্লাৱিত হয় ৰঙিয়াৰ সোঁমাজেৰে যোৱা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথ। আন্তঃৰাষ্ট্ৰীয় পথটোৰে তীব্ৰ সোঁতত বিপজ্জনকভাৱে পানী বৈ যোৱাত প্ৰশাসনে যাতায়াত ব্যৱস্থা বন্ধ কৰি দিয়ে । ইফালে সন্ধিয়া বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে পথটোৰ বালাগাঁৱত উপস্থিত হয় কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন । বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থকাৰ বাবে বানাক্ৰান্ত লোকসকলক আহ্বান জনায় উপায়ুক্তগৰাকীয়ে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like