নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ১৪ আগষ্ট : জানক দিনটোৰ ৰাশিফল

শাওণ মাহৰ ২৯ তাৰিখ
বুধবাৰঃ তিথি–শুক্লা নৱমী, নক্ষত্রঃ অনুৰাধা, যাত্রাঃ নাই

মেষঃ কর্মস্থানত সুনাম বৃদ্ধি হ’ব পাৰে৷ আর্থিক দিশত অশান্তি হ’ব পাৰে৷ আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ’ব পাৰে৷ প্রেমৰ দিশত অশান্তি হ’ব পাৰে৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ৭৷

বৃষঃ আজিৰ দিনটো আপোনাৰ ব্যস্ততাৰ মাজেৰে পাৰ হৈ যাব৷ আত্মীয়ৰ কাৰণে বিবাদ হ’ব পাৰে৷ প্রেমৰ দিশত শুভ ফল৷ কর্মস্থানত কামৰ বৃদ্ধি হ’ব পাৰে৷ শুভ ৰং ছাই ৰং৷ শুভ সংখ্যা ১৷

মিথুনঃ আপোনাৰ ভাল ব্যৱহাৰত আজি আপোনাক কর্মক্ষেত্রত সুনাম লাভ হ’ব৷ ব্যৱসায়ৰ দিশত আয় বৃদ্ধি হ’ব পাৰে৷ দূৰ ভ্রমণৰ বাবে ঘৰত আলোচনা হ’ব পাৰে৷ শুভ ৰং মটিয়া৷ শুভ সংখ্যা ৪৷

কর্কটঃ কর্মৰ ঠাইত অশান্তি হ’ব পাৰে৷ উচ্চ শিক্ষাৰ ক্ষেত্রত শুভ ফল৷ পাবলৈ থকা ধন ঘূৰাই পাব৷ প্রিয়জনৰ ব্যৱহাৰে মনত আঘাত দিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ২৷

সিংহঃ ভ্রমণৰ ক্ষেত্রত বাধা হ’ব পাৰে৷ নিজৰ অজানিতেই এনেকুৱা কাম কৰিব য’ত সকলোৱে আনন্দ লাভ কৰিব৷ বন্ধুৰ ওপৰত বিশ্বাস কৰি কোনোধৰণৰ কাম নকৰিব৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৮৷

কন্যাঃ কাম বৃদ্ধি হোৱা বাবে মানসিক ক্ষেত্রত হেঁচা পৰিব৷ সমাজৰ কামৰ বাবে সুনাম লাভ কৰিব পাৰে৷ প্রেমৰ ক্ষেত্রত অশান্তি হ’ব পাৰে৷ দেউতাৰ শৰীৰক লৈ চিন্তা বৃদ্ধি হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷

তুলাঃ পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ অতিৰিক্ত খঙে সংসাৰত অশান্তি দিব৷ নতুন গৃহ নির্মাণৰ সুযোগ দেখা যায়৷ সন্তানৰ বাবে চিন্তা বৃদ্ধি হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

বৃশ্চিকঃ ঘৰুৱা দিশত বেছি মনোযোগ দিয়াৰ প্রয়োজন৷ কলা বিদ্যাৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো শুভ৷ যিকোনো নতুন অর্থনৈতিক আলোচনা চূড়ান্ত কৰা হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷

ধনুঃ শিল্প কামৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো শুভ৷ ব্যৱসায় দিশত আয় বৃদ্ধি হোৱাৰ যোগ৷ অর্থনৈতিক সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৮৷

মকৰঃ আজিৰ দিনটো আপোনাৰ ব্যস্ততাৰ মাজেৰে পাৰ হৈ যাব৷ প্রয়োজনৰ সময়ত আপোনাৰ লগত কোনো থিয় নহ’ব৷ স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷

কুম্ভঃ আপোনাৰ প্রিয়জনৰ কঠোৰ ব্যৱহাৰে আজি আপোনাক বহুত আঘাত দিব৷ তেতিয়ালৈকে কোনো প্রতিশ্রুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূর্ণ ৰূপত সেই কাম কৰাত সক্ষম নহয়৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

মীনঃ বিদ্যার্থীসকলৰ বাবে নতুন পথ খুলিব পাৰে৷ আনৰ সহায়ে আপোনাৰ মন আনন্দিত কৰিব৷ কর্মস্থানৰ ফালৰ পৰা বিদেশ যাত্রা হ’ব পাৰে৷ শুভ ৰং বেঙনীয়া৷ শুভ সংখ্যা ৬৷

You might also like