আজি বিটিচিত প্রথম পর্যায়ৰ ভোট
নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ বিগত কেইবাদিন ধৰি নৃত্য–গীত–কৌতুক অভিনয়, মিমিক্রীৰে নির্বাচনী প্রচাৰ চলাৰ পাছত আজি অনুষ্ঠিত হৈছে বিটিচি নির্বাচনৰ প্রথম পর্যায়ৰ ভোট৷ ওদালগুৰি আৰু বাক্সা জিলাৰ মুঠ ২১টা পৰিষদীয় সমষ্টিৰ বাবে হ’বলগীয়া প্রথম পর্যায় ভোটত ভাগ্য নির্ণয় হ’ব এইবাৰ নির্বাচনত অৱতীর্ণ হোৱা ১৩০গৰাকী প্রার্থীৰ ভাগ্য৷ ওদালগুৰি জিলাৰ ১০টা পৰিষদীয় সমষ্টিত মুঠ ৬০গৰাকী প্রার্থী অৱতীর্ণ হৈছে৷ ৮০৭টা ভোটগ্রহণ কেন্দ্রত ভোটদান অনুষ্ঠিত হ’ব৷ সেইদৰে বাক্সা জিলাৰ ১১টা পৰিষদীয় সমষ্টিত মুঠ ৭০গৰাকী প্রার্থী অৱতীর্ণ হৈছে৷ জিলাখনত ৯৩২টা ভোটগ্রহণ কেন্দ্রত ভোটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব৷
আজি ক’ভিড প্রট’কল অনুসৰি কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ভোটগ্রহণ অনুষ্ঠিত হৈছে৷ প্রথম পর্যায়ৰ নির্বাচনত বিজেপিয়ে ২১টা পৰিষদীয় সমষ্টিৰ ভিতৰত ১৪টাতে জয়লাভ কৰিব বুলি ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দাবী কৰিছে৷ সেইদৰে প্রথম পর্যায়ৰ নির্বাচনক লৈ সমানে আশাবাদী বি পি এফ আৰু ইউ পি পি এলো৷ দুয়োটা দলেই প্রথম পর্যায়ৰ ভোটগ্রহণত সর্বাধিক আসন লাভ কৰিব বুলি আশাবাদী হৈ আছে৷