নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ দায়িত্বভাৰ গ্রহণৰ পাছতে প্রশাসনত ব্যাপক সংস্কাৰ অনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি প্রথমবাৰৰ বাবে ৰাজধানী দিছপুৰৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিব৷ ধেমাজি জিলাত অনুষ্ঠিত হ’ব লগা এই কেবিনেট বৈঠকৰ বাবে ইতিমধ্যে প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷ মন কৰিবলগীয়া যে যোৱা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকতে পৰৱর্তী কেবিনেট ধেমাজিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ লক্ষণীয় দিশটো হ’ল যে এইবাৰ কেবিনেটত অংশগ্রহণৰ বাবে যোৱা প্রতিগৰাকী মন্ত্রীকে অর্পণ কৰা হৈছে বিশেষ দায়িত্ব৷ সেই অনুসৰি উত্তৰ পাৰ আৰু দক্ষিণ পাৰ ভগাই দিয়া হৈছে মন্ত্রীসকলক৷ যিসকল মন্ত্রীয়ে উত্তৰ পাৰেৰে ধেমাজিলৈ যাত্রা কৰিব, সেইসকল মন্ত্রীয়ে উভতি অহাৰ সময়ত দক্ষিণ পাৰ হৈ আহিব লাগিব৷ সেয়াই নহয়, কেবিনেটলৈ অহা–যোৱাৰ সময়ত নির্দিষ্ট দুখন জিলা ভ্রমণ কৰি চৰকাৰী কার্যালয়ৰ লগতে ৰাজহুৱা অনুষ্ঠান আৰু হিতাধিকাৰীক সাক্ষাৎ কৰি সকলো পৰিৱেশ–পৰিস্থিতিৰ বুজ ল’ব লাগিব৷
মুখ্যমন্ত্রী ড০ শর্মাই আজি এই কথা পুনৰ উল্লেখ কৰি কয় যে যিসকল মন্ত্রীয়ে কেবিনেটলৈ বুলি ধেমাজিলৈ যাত্রা কৰিব, তেওঁলোকক দায়িত্ব অর্পণ কৰা সংশ্লিষ্ট জিলাখনৰ অংগনৱাড়ী কেন্দ্র, চিকিৎসালয়, জল জীৱন মিছন আঁচনি, প্রাথমিক বিদ্যালয় আৰু এটা ক’ভিড ভেকচিন কেন্দ্র পৰিদর্শন কৰাৰ লগতে যিকোনো বিষয় সন্দর্ভত বিস্তৃত পর্যালোচনা কৰিব লাগিব৷ আনহাতে ওভতনি যাত্রাপথত প্রতিগৰাকী মন্ত্রীয়ে তেওঁক নির্দিষ্ট কৰি দিয়া সংশ্লিষ্ট জিলাৰ এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক, এগৰাকী বিধৱা পেন্সন আঁচনিৰ হিতাধিকাৰীক, এগৰাকী বৃদ্ধ পেন্সন আঁচনিৰ হিতাধিকাৰীক, এগৰাকী ক’ভিড ভুক্তভোগী সাহায্য আঁচনিৰ হিতাধিকাৰীক, এগৰাকী অটল অমৃত আঁচনিৰ হিতাধিকাৰীক আৰু প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ এগৰাকী হিতাধিকাৰীক সাক্ষাৎ কৰিব লাগিব৷
এই নির্দেশনা অনুসৰিয়ে খোদ মুখ্যমন্ত্রীয়ে বুধবাৰে বিশ্বনাথ জিলা ভ্রমণ কৰে৷ আনহাতে উভতি অহাৰ সময়ত মুখ্যমন্ত্রীয়ে ডিব্রুগড় জিলা ভ্রমণ কৰিব৷ যোৱা ২৪ ছেপ্টেম্বৰৰ কেবিনেট বৈঠকত অর্পণ কৰা দায়িত্ব অনুসৰি মন্ত্রী ৰঞ্জিত কুমাৰ দাসে কামৰূপ আৰু ডিব্রুগড় জিলা ভ্রমণ কৰিব৷ সেইদৰে মন্ত্রী অতুল বৰাই দৰং আৰু শিৱসাগৰ জিলা, চন্দ্রমোহন পাটোৱাৰীয়ে ওদালগুৰি আৰু যোৰহাট জিলা, উর্খাও গৌৰা ব্রহ্মই শোণিতপুৰ আৰু মৰিগাঁও জিলা, পৰিমল শুক্লবৈদ্যই বিশ্বনাথ আৰু গোলাঘাট জিলা, কেশৱ মহন্তই লখিমপুৰ আৰু চৰাইদেউ জিলা, ৰণোজ পেগুৱে কামৰূপ জিলা, অশোক সিংঘলে নগাঁও আৰু লখিমপুৰ জিলা, যোগেন মহনে গোলাঘাট আৰু ওদালগুৰি জিলা, সঞ্জয় কিষাণে যোৰহাট আৰু শোণিতপুৰ জিলা, অজন্তা নেওগে শিৱসাগৰ আৰু বিশ্বনাথ জিলা, পীয়ূষ হাজৰিকাই ডিব্রুগড় আৰু দৰং জিলা, বিমল বৰাই চৰাইদেউ আৰু নগাঁও জিলা ভ্রমণ কৰিব৷ ইফালে কাইলৈৰ কেবিনেট বৈঠকক লৈ ধেমাজিত সৃষ্টি হৈছে এক উখল–মাখল পৰিৱেশ৷ ৰাজধানী দিছপুৰৰ পৰা সুদূৰ ধেমাজি জিলাৰ উপায়ুক্ত কার্যালয়ত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকক লৈ সকলো প্রস্তুতি সম্পূর্ণ কৰি তুলিছে জিলা প্রশাসনে৷ সজাই–পৰাই তোলা হৈছে উপায়ুক্তৰ কার্যালয় আৰু আৱর্ত ভৱন৷ সমান্তৰালভাৱে ধেমাজি নগৰৰ বাট–পথসমূহো মেৰামতি কৰি তোলা হৈছে৷
প্রস্তুতিৰ তদাৰক কৰিবলৈ ধেমাজিত বাহৰ পাতি থকা স্থানীয় বিধায়ক তথা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু সাংসদ প্রদান বৰুৱাই বুধবাৰে জিলা প্রশাসনৰ সৈতে আলোচনা কৰি সকলো প্রস্তুতিৰ অগ্রগতিৰ বুজ লয়৷ আজি নিশাৰ ভাগত ধেমাজিত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যমন্ত্রীকে ধৰি ১১জন মন্ত্রীয়ে ধেমাজিৰ আৱর্ত ভৱনত আজি নিশা কটাই স্থানীয় দল–সংগঠনৰ সৈতেও আলোচনাত মিলিত হ’ব৷ দিছপুৰৰ শীর্ষ আমোলাসকলো ইতিমধ্যে ধেমাজিত উপস্থিত হৈছে৷
আজি ১১ বজাত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই জিলাখনৰ বাটঘৰীয়াত ক্রীড়া বিভাগৰ এক কার্যসূচীত অংশগ্রহণ কৰি ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ত ৱেইটলিফটিঙত সুনাম অর্জন কৰা কেইবাগৰাকীও খেলুৱৈক সম্বর্ধনা জনাব৷ ইয়াৰ পাছতে সমাজ কল্যাণ বিভাগৰ এটা অংগনৱাড়ী কেন্দ্র, শিক্ষানুষ্ঠান পৰিদর্শন কৰি বুটিকোৰত লোকনির্মাণ বিভাগে নির্মাণ কৰা তিনিখন দলঙৰ শুভ উদ্বোধন কৰিব৷ আনহাতে পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাসে জল জীৱন মিছনৰ তিনিখন আঁচনি উদ্বোধন কৰিব৷ সমান্তৰালভাৱে মন্ত্রীগৰাকীয়ে পঞ্চায়তৰ বিভিন্ন কাম–কাজৰো পর্যালোচনা কৰিব৷ ধেমাজিৰ কেবিনেট বৈঠকত ৰাজ্যৰ বান–গৰাখহনীয়া সমস্যাই সর্বাধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে৷
গোগামুখত মন্ত্রী পৰিষদৰ নৈশভোজ
ৰাজ্যিক কেবিনেটৰ বৈঠক আজি ধেমাজিত অনুষ্ঠিত কৰাৰ বাবে গ্রহণ কৰা সিদ্ধান্ত অনুসৰিয়েই বুধবাৰে জিলাখনত উপস্থিত হ’ল মুখ্যমন্ত্রীকে ধৰি মন্ত্রী পৰিষদ৷ আজি কেবিনেটৰ বাবে আমোলা–বিষয়াসকলো উপস্থিত হৈ ব্যস্ত হৈ পৰিছে নিজ নিজ কামক লৈ৷ এনে পৰিৱেশৰ মাজতে মুখ্যমন্ত্রীকে ধৰি কেইবাগৰাকীও মন্ত্রী–আমোলাই বুধবাৰে নিশাৰ আহাৰ গ্রহণ কৰে গোগামুখৰ ডিৰ’পাইস্থিত ইক’ কেম্পত৷ নিশাৰ আহাৰৰ ব্যৱস্থা কৰে মিচিং স্বায়ত্তশাসিত পৰিষদে৷ পৰম্পৰাগত খাদ্য আপ্যায়নৰ লগতে পুৰণি পৰম্পৰাৰ বিশেষ আর্হিত সজ্জিত টুঙত এটোপোলাকৈ খাদ্য সামগ্রীৰ উপহাৰো প্রদান কৰে৷