নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ অসমীয়াৰ প্রাণৰ শিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি ৯৪সংখ্যক জন্মদিন৷ আজি অসমবাসীয়ে সশ্রদ্ধ স্মৰণ কৰিব প্রাণৰ সুধাকণ্ঠক৷ অৱশ্যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা সামগ্রিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইবাৰ অনুষ্টুপীয়াভাৱে ৰাজ্যৰ প্রান্তে প্রান্তে আয়োজন কৰা হৈছে সুধাকণ্ঠৰ জন্ম দিৱসৰ কার্যসূচী৷ বিগত বছৰসমূহৰ দৰে এইবাৰ আড়ম্বৰপূর্ণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিব ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস৷ অৱশ্যে আন বছৰসমূহৰ দৰে কাইলৈ জন্ম দিৱসৰ লগত সংগতি ৰাখি যশস্বী শিল্পী পদ্মশ্রী যতীন গোস্বামীক চলিত বর্ষৰ ভূপেন হাজৰিকা সমন্বয় বঁটা প্রদান কৰিব ন্যাসে৷ এই কথা এক বিবৃতিযোগে সদৰী কৰিছে ন্যাসৰ যুটীয়া সম্পাদক মঞ্জুলা হাজৰিকাই৷ তেওঁ প্রকাশ কৰা অনুসৰি কাইলৈ যশস্বী শিল্পী গোস্বামীৰ ঘৰলৈ গৈ এই বঁটা প্রদান কৰিব ন্যাসে৷ আনহাতে, চলিত বর্ষৰ ভূপেন হাজৰিকা হিতৈষী বঁটা আগবঢ়োৱা হৈছে কল্পনা লাজমীৰ মাতৃ তথা এগৰাকী বিশিষ্ট চিত্রশিল্পী ললিতা লাজমীলৈ৷ ন্যাসৰ উপ–সভাপতি অশোক কুমাৰ সেনাপতি আৰু ন্যাসৰক্ষী ময়ূখ হাজৰিকাই কাইলৈ লাজমীৰ মুম্বাইস্থিত বাসগৃহত তেওঁক এই বঁটা প্রদান কৰিব৷ সন্ধিয়া সুধাকণ্ঠৰ নিজৰাপাৰস্থিত বাসগৃহত ৯৪গছি বন্তি প্রজ্বলন কৰিব ন্যাসৰক্ষীসকলে৷ উল্লেখ্য যে প্রতিবছৰে ন্যাসে চৰকাৰ আৰু বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ সহযোগত দেশ–বিদেশৰ বিভিন্ন প্রান্তত সুধাকণ্ঠৰ জন্মদিন উদ্যাপন কৰি আহিছে৷ ইপিনে, সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইবাৰ ‘উদ্দীপনা’ শীর্ষক অনুষ্ঠান অনুষ্ঠিত নকৰে সদৌ অসম ছাত্র সন্থা (আছু)ই৷ ইয়াৰ পৰিৱর্তে আজি ছাত্র সন্থাৰ নেতৃবৃন্দই সুধাকণ্ঠৰ প্রতিমূর্তিত পুৱা শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ সন্ধিয়া সদৌ কামৰূপ জিলা ছাত্র সন্থা, সদৌ গুৱাহাটী ছাত্র সন্থা আৰু সীমিতসংখ্যক ৰাইজৰ উপস্থিতিত ৯৪ গছি বন্তি প্রজ্বলন কৰা হ’ব৷ তদুপৰি আছুৰ প্রতিখন জিলা, মহকুমা, আঞ্চলিক, শাখা আৰু গোটে নিজ নিজ অঞ্চলত স্বাস্থ্য সম্পর্কীয় বিধি মানি সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ এই কথা সদৰী কৰিছে ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু সাংস্কৃতিক সম্পাদক অনিল গগৈয়ে৷ সমান্তৰালভাৱে জালুকবাৰীস্থিত সমাধি ক্ষেত্রতো আজি সুধাকণ্ঠৰ জন্মদিনৰ লগত সংগতি ৰাখি তেওঁক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব৷