নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰ কাৰ বড়োভূমিত আজি হাগ্রামা–প্রমোদৰ অগ্ণিপৰীক্ষা

হাইক’টৰ নির্দেশত বিটিচিত আস্থা ভোট

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ  বড়োভূমিৰ ৰাজনীতিত বিৰাজ কৰা উত্তাল পৰিস্থিতিৰ মাজতে আজি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ (বিটিচি) বিধানসভাত অনুষ্ঠিত হ’ব আস্থা ভোট৷ সদ্যসমাপ্ত বিটিচি নর্বাচনৰ পাছত ইউ পি পি এল–বিজেপি–জি এছ পিয়ে গঠন কৰা পৰিষদীয় চৰকাৰৰ এই আস্থা ভোটেই ভাগ্য নির্ধাৰণ কৰিব৷ এক কথাত ক’বলৈ গ’লে কোকৰাঝাৰৰ বড়োফা নগৰস্থিত বিটিচি বিধানসভাত কাইলৈ পুৱা ১০ বজাত অনুষ্ঠিতব্য আস্থা ভোট হৈ পৰিছে নতুন পৰিষদীয় চৰকাৰখনৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো আৰু বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীৰ বাবে অগ্ণি পৰীক্ষাস্বৰূপ৷ কিয়নো অহা পাঁচ বছৰলৈ বিটিচি কাৰ দখলত থাকে, সেৱা আস্থা ভোটৰ ফলাফলেই নিশ্চিত কৰিব৷ উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত বিটিচি নির্বাচনৰ ফলাফল অনুসৰি বিগত ১৭ বছৰে ক্ষমতাত থকা হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফে ১৭খন আসন দখলেৰে একক বৃহত্তম দল ৰূপে পৰিগণিত হোৱাৰ বিপৰীতে ইউ পি পি এলে ১২খন, বিজেপিয়ে ৯খন, জি এছ পিয়ে এখন আৰু কংগ্রেছে এখন আসন দখল কৰিছে৷ ইয়াৰ পাছতে ইউ পি পি এল–বিজেপি–জি এছ পিয়ে পৰিষদ গঠন কৰে৷ ইউ পি পি এলৰ সভাপতি প্রমোদ বড়ো মুখ্য কার্যবাহী সদস্য আৰু দলটোৰ নেতা গোবিন্দ বসুমতাৰী বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য পদত অধিষ্ঠিত হয়৷ কিন্তু বি পি এফে পৰিষদ গঠন প্রক্রিয়াক অবৈধ আখ্যা দি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰে ৫৬৫০/২০২০ নম্বৰৰ এখন লেখ আবেদন৷

বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰী আৰু আন ছজনে দাখিল কৰা লেখ আবেদনখনত কোৱা হয় যে পৰিষদ গঠনৰ ক্ষেত্রত সাংবিধানিক নিয়ম আৰু অসম স্বায়ত্তশাসিত জিলা (জিলা পৰিষদ গঠন) বিধি ১৯৫১ৰ ২০/১ মুখ্য কার্যবাহী সদস্য নিযুক্তিৰ ক্ষেত্রত অনুসৰণ কৰা হোৱা নাই৷ সমগ্র বিষয়টো আইনী মেৰপেঁচত সোমাই পৰাৰ সময়তেই সোমবাৰে লেখ আবেদনখনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে অহা ২৬ ডিচেম্বৰ অথবা ইয়াৰ পূর্বে আস্থা ভোট অনুষ্ঠিত কৰিবলৈ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োক নির্দেশ দিয়ে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নির্দেশনাৰ পাছতে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কাইলৈ পুৱা ১০ বজাত বিটিচি বিধানসভা অধিৱেশন আহ্বান কৰিছে৷ ইতিমধ্যে এই সম্পর্কত কালিয়েই বিটিচি বিধানসভা সচিবালয়ৰ তৰফৰ পৰা বি টি চি এল এ/২৬/২০০৫/পার্ট–১/১১১ নম্বৰৰ এক অধিসূচনা জাৰি কৰে৷ লক্ষণীয়ভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ে কম্প’জিট ফ্লেৰ টেষ্টৰ নির্দেশ দিছে৷ অর্থাৎ আবেদনকাৰী হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফে সর্বাধিক আসন লাভ কৰাৰ পৰিপ্রেক্ষিতত অহা ২৬ ডিচেম্বৰ অথবা তাৰ পূর্বে প্রমোদ বড়োৰ লগতে হাগ্রামা মহিলাৰীয়েও আস্থা ভোট অনুষ্ঠিত কৰিব লাগিব৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ অনুসৰি আস্থা ভোট অনুষ্ঠিত নোহোৱা পর্যন্ত মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে কোনো ধৰণৰ গুৰুত্বপূর্ণ আঁচনি তথা সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰিব৷ এনে নির্দেশনাৰ পৰিপ্রেক্ষিতত পৰিষদীয় চৰকাৰখনৰ বাবে আস্থা ভোটৰ বিষয়টো যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছিল৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে  জাৰি কৰা আন এক নির্দেশনা আছিল যোৱা ১৬ ডিচেম্বৰত বিটিচিলৈ মনোনীত ৬ সদস্যই আস্থা ভোটত অংশগ্রহণ কৰিব নোৱাৰিব৷ বিটিচিৰ পৰিষদীয় সমষ্টিৰ সংখ্যা মুঠ ৪০টা যদিও কাইলৈ সদনৰ মজিয়াত ৩৯টা ভোটহে গণনা কৰা হ’ব৷ কিয়নো মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে দুটা পৰিষদীয় সমষ্টিৰ পৰা জয়লাভ কৰিছে৷ যাৰ কাৰণে তেওঁৰ এটা ভোটহে গণনালৈ আহিব৷ অর্থাৎ যাৰ পক্ষত ২০টা ভোট পৰে, তেওঁৰ হাততেই বিটিচিৰ ক্ষমতা থকাটো নিশ্চিত হ’ব কাইলৈ৷ ইউ পি পি এল–বিজেপি–জি এছ পিয়ে মুঠ ২২টা পৰিষদীয় সমষ্টি দখলেৰে এই মুহূর্তত শক্তিশালী অৱস্থাত আছে৷ তদুপৰি বি পি এফ এজনৰ লগতে কংগ্রেছৰ একমাত্র নির্বাচিত সদস্যজনেও যোগদান কৰিছে বিজেপিত৷ এই দিশৰ পৰা ইউ পি পি এল–বিজেপি–জি এছ পিয়ে আস্থা ভোটত নিজৰ শক্তি প্রদর্শন কৰিবলৈ সক্ষম হ’ব বুলি পূর্বানুমান কৰিব পাৰি৷ ইফালে আস্থা ভোটক কেন্দ্র কৰি বিটিচিৰ উত্তাল ৰাজনীতিত জল্পনা–কল্পনা তুংগত উঠিছে৷ নির্বাচনৰ ফলাফল ওলোৱাৰ পাছতেই ইউ পি পি এল–বিজেপি–জি এছ পিৰ নির্বাচিত সদস্যসকলক লৈ অনা হৈছিল গুৱাহাটীলৈ৷ আটাইকেইজনকে একত্রিতভাৱে প্রথমতে হোটেল লিলিত ৰখাৰ পাছত শ্বিলঙলৈ লৈ যোৱা হয়৷ জানিব পৰা মতে, আজি আস্থা ভোটৰ পূর্বে শ্বিলঙৰ পৰা ইউ পি পি এল–বিজেপি–জি এছ পিৰ পাৰিষদসকলক পুনৰ গুৱাহাটীলৈ ওভতাই আনি সম্প্রতি ৰখা হৈছে হোটেল ৰেডিছন ব্লুত৷ বুধবাৰে নিশাটো তেওঁলোকক হোটেল ৰেডিছন ব্লুতেই ৰাখি পুৱতিনিশা নিৰাপত্তা বেষ্টনীৰ মাজত কোকৰাঝাৰলৈ লৈ যোৱাৰ কথা৷
হাগ্রামা মহিলাৰী সুবিধাবাদী নীতিৰ আৱিষ্কাৰকঃ প্রমোদ বড়ো
বিটিচিত আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্রিত হোৱাৰ বাবে বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে জনোৱা আহ্বান অগ্রাহ্য কৰিছে ইউ পি পি এলৰ সভাপতি তথা মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে৷ আজি বিটিচি সচিবালয়ত অনুষ্ঠিত এখন সংবাদ মেলত বি পি এফ আৰু হাগ্রামা মহিলাৰীক মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে সমালোচনাৰে থকা–সৰকা কৰে৷ তেওঁ কয় যে হাগ্রামা মহিলাৰীয়ে ৰাজনীতি কৰাৰ সময়ত বি পি এফ সুবিধাবাদীৰ দল বুলি বাৰম্বাৰ কৈ আহিছে৷ তেওঁ এফালে আমাৰ আঞ্চলিক দলসমূহক একত্রিত হ’বলৈ আহ্বান জনাইছে আৰু আনফালে বিজেপিৰ লগত যোগাযোগ কৰি আছে৷ হাগ্রামা মহিলাৰীৰ সোঁৱে–বাঁৱে থকা নেতাসকলে বিজেপিৰ লগত মিলি এতিয়াও চৰকাৰ গঠন কৰিবলৈ বিজেপিৰ বহু মন্ত্রী–নেতাক ফোন কৰি আছে৷ বি পি এফে ৰাষ্ট্রীয় দল কংগ্রেছ–বিজেপিৰ লগত যোৱা ১৭ বছৰে থাকিল৷ এতিয়া কৈছে আঞ্চলিক দলসমূহ একত্রিত হ’ব লাগে৷ ৰাজনীতিত সুবিধাবাদী নীতি বুলি একো কথা নাই৷ সুবিধাবাদী নীতি হাগ্রামা মহিলাৰীৰহে নীতি৷ তেওঁ এটা নতুন নীতি আৱিষ্কাৰ কৰিছে– সুবিধাবাদী নীতি৷ আমি ইউ পি পি এল সুবিধাবাদী নহয়৷ আমি আদর্শবাদী ৰাজনীতি কৰিবলৈ আহিছোঁ৷ বিভিন্ন সমস্যা সমাধানৰ বাবে ৰাজনীতি কৰিবলৈ আহিছোঁ৷ আমি মুখ্য কার্যবাহী সদস্য বা উপ–মুখ্য কার্যবাহী সদস্য হ’বলৈ অহা নাই৷ নির্বাচিত জনপ্রতিনিধি ক্রয় কৰিবলৈ বি পি এফে চেষ্টা কৰি অহাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ ইয়াক অতি দুর্ভাগ্যজনক আখ্যা দিয়ে৷ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে পুনৰ কয় যে হাগ্রামা মহিলাৰীয়ে যি ৰাজনীতি কৰি আছে, তাত কোনো জাতি–জনগোষ্ঠী, সুপ্রশাসনৰ স্বার্থ অথবা মানৱ সম্পদ গঢ়াৰ লক্ষ্য নাই৷ এটাই মাথোঁ স্বার্থ আছে– ক্ষমতাত থাকি টকা ঘটিব লাগে৷ আস্থা ভোটত ইউ পি পি এল–বিজেপি–জি এছ পিৰ বিজয় নিশ্চিত বুলি দাবী কৰি তেওঁ পুনৰ কয় যে আস্থা ভোটৰ পাছতে দুর্নীতিমুক্ত বি টি আৰ গঠনৰ অভিযান আৰম্ভ কৰা হ’ব৷ বিগত ১৭ বছৰে বহু দুর্নীতি–ভ্রষ্টাচাৰ সংঘটিত হ’ল৷ ইতিমধ্যে আমি চৰকাৰ গঠনৰ পাছত ২১৯ কোটি টকাৰ ঠিকা বাতিল কৰা হৈছে৷ দুর্নীতিত লিপ্ত থকাসকল জে’ললৈ যাবই লাগিব৷ ৰাজনৈতিক ষড়যন্ত্রৰে জনতাক পণবন্দী কৰি ৰাখিব খোজা কার্য কোনো কাৰণতে জনতাই মানি নলয় বুলি উল্লেখ কৰি অহা জানুৱাৰী মাহত বি টি আৰ চুক্তিৰ আন দফাসমূহ ৰূপায়ণ হোৱাৰো আশা ব্যক্ত কৰে৷ কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ক চৰকাৰীকৰণত ৰাজ্য চৰকাৰৰ মন্ত্রী পৰিষদৰ বৈঠকে অনুমোদন জনোৱাৰ বাবে তেওঁ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰে৷
গোপন বেলটৰ জৰিয়তে আস্থা ভোট অনুষ্ঠিত কৰাৰ দাবী বি পি এফৰ
কাইলৈ অনুষ্ঠিতব্য আস্থা ভোটগ্রহণ প্রক্রিয়া গোপন বেলটৰ জৰিয়তে সম্পন্ন কৰাৰ দাবী উত্থাপন কৰিছে বি পি এফে৷ আজি সন্ধিয়া কোকৰাঝাৰ চহৰস্থিত নিজ বাসভৱনত আয়োজিত এখন সংবাদ মেলত বিটিচিৰ প্রাক্তন উপ–মুখ্য কার্যবাহী সদস্য তথা বি পি এফৰ মুখপাত্র খাম্ফা বৰগয়াৰীয়ে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আস্থা ভোট গণতান্ত্রিক প্রক্রিয়াৰে সম্পন্ন কৰাৰ কথা হৈছে৷ গণতান্ত্রিক প্রক্রিয়া মানে হাত দঙা নহয়৷ এইক্ষেত্রত গ্রহণযোগ্য প্রক্রিয়া হ’ল গোপন বেলট৷ সেয়েহে কাইলৈ আস্থা ভোট প্রক্রিয়াটো গোপন বেলটৰ দ্বাৰা সম্পন্ন কৰিব লাগে৷ বিটিচি বিধানসভা সচিবালয়ত এই বিষয়ে আলোচনা হোৱা উচিত৷ হাত দাঙিয়ে তেওঁলোকে এই প্রক্রিয়াটো সম্পন্ন কৰিব বিচৰা বুলি আমি শুনিবলৈ পাইছোঁ৷ বি পি এফ দল হিচাপে আমি হাত দঙাটো মানিব নোৱাৰোঁ৷ বি পি এফক হৰুৱাবলৈ এটা বিশেষ ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ ষড়যন্ত্র কৰাৰ আমি গোন্ধ পাইছোঁ৷ সেয়েহে আমি বিটিচিৰ প্রধান সচিব আৰু বিটিচি বিধানসভা সচিবক এই সন্দর্ভত এখন স্মাৰক–পত্র দাখিল কৰিছোঁ৷ যদিহে হাত দাঙিয়েই আস্থা ভোটগ্রহণ প্রক্রিয়া সম্পন্ন কৰাৰ পদক্ষেপ অৱলম্বন কৰে, তেন্তে বি পি এফে সদনৰ মজিয়া ত্যাগ কৰি প্রতিবাদ সাব্যস্ত কৰিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷ লগতে ইউ পি পি এল–বিজেপি–জি এছ পিৰ আটাইকেইজন নির্বাচিত পাৰিষদকে আস্থা ভোটৰ সময়ত সোঁশৰীৰে উপস্থিত থাকিবলৈ তেওঁ দাবী জনায়৷
বিটিচিত আঞ্চলিক দলৰ চৰকাৰ হ’ব লাগেঃ বড়ো সাহিত্য সভা
হাগ্রামা মহিলাৰীৰ সুৰতে সুৰ মিলাই বিটিচিত বি পি এফ আৰু ইউ পি পি এলে মিলি আঞ্চলিক দলৰ পৰিষদীয় চৰকাৰ গঠন কৰাৰ সপক্ষত মত আগবঢ়াইছে বড়ো সাহিত্য সভাই৷ আজি কোকৰাঝাৰস্থিত বড়ো সাহিত্য সভাৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত সভাপতি তৰেণ বড়ো আৰু সাধাৰণ সম্পাদক প্রশান্ত বড়োৱে কয় যে বিটিচিৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি প্রত্যক্ষ কৰি আমি গভীৰ উদ্বেগ প্রকাশ কৰিছোঁ৷ বড়ো সাহিত্য সভা বড়ো জনগোষ্ঠীৰ শাখা সাহিত্যৰ বিকাশৰ হকে কাম কৰা এটা অৰাজনৈতিক–সামাজিক সংগঠন৷ ৰাজনৈতিক বিষয়ত হস্তক্ষেপ কৰা বা মাত মতাৰ আমাৰ ইচ্ছা নাই৷ কিন্তু বিটিচিৰ নতুন পৰিষদীয় চৰকাৰখনে শপতগ্রহণ কৰাৰ পৰৱর্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নির্দেশনাৰ পৰিপ্রেক্ষিতত যেনেধৰণৰ অস্থিৰ বাতাৱৰণৰ উদ্ভৱ হৈছে, তাক লৈ বড়ো সাহিত্য সভা চিন্তিত৷ জাতিৰ এনে জটিল সন্ধিক্ষণত মাত মতাটো অৰাজনৈতিক সংগঠন হ’লেও প্রয়োজন বুলি অনুভৱ কৰিছোঁ৷ বিটিচিৰ মুখ্য কার্যবাহী সদস্য কোন হ’ব, সেয়া আমাৰ বিচার্যৰ বিষয় নহয়৷ আমি বিচাৰিছোঁ বহু ত্যাগ আৰু আত্মবলিদানৰ ফলত লাভ কৰা বিটিচিৰ স্বায়ত্তশাসন ব্যৱস্থা স্থানীয় আঞ্চলিক দলৰ হাততে থাকক৷ বি পি এফ আৰু ইউ পি পি এলৰ মাজত যি বিভেদ–ব্যৱধান আছে, সেই সকলো ভেদাভেদ পাহৰি ৰাষ্ট্রীয় দলৰ আগ্রাসনৰ পৰা বাচিবলৈ বিটিচিক দুয়োটা আঞ্চলিক দলে যৌথভাৱে পৰিষদীয় চৰকাৰ গঠন কৰাটো ৰাইজে বিচাৰিছে আৰু আমিও আহ্বান জনাইছোঁ৷

You might also like