মেষঃ ভালেৰে আৰম্ভ হ’লেও পিছলৈ সাধাৰণ ক্লেশদায়ক সমস্যাৰ উদ্ভৱ হ’ব পাৰে৷ নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা কথাৰ বাবে মন বেয়া হ’লেও সহজ হ’ব পাৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
বৃষঃমনলৈ উৎসাহ আহিব৷ নতুন কামত সুযোগ পাব৷ শৰীৰো ভালেৰে পাৰ হ’ব৷ দুৰাৰোগ্যগ্রস্তসকল্ কিছু সকাহ পাব৷ বিদ্যাত অনুকূল৷ ভ্রমণৰ দ্বাৰা লাভ হ’লেও সাৱধান হওক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷
মিথুনঃ প্রায় দিশতে মনটো মুকলি লাগিব, শৰীৰৰ চিন্তা কম৷ বন্ধু–বান্ধৱৰ লগত ভালেই লাগিব৷ শিল্পসুলভতা বৃদ্ধি পাব৷ কোনো নতুন দায়িত্বত দক্ষতা দেখুৱাব৷ ভ্রমণত পিছে সাৱধান হওক৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৭৷
কর্কটঃ দুই–এটা বাধাৰ মাজেৰে দিনটো অগ্রগতি কৰিব৷ ঘৰুৱা দিশত ইটো–সিটো থাকিব৷ শৰীৰ সম্পর্কে সাৱধান থাকক৷ সংকট সন্মুখত ৰাখি কোনো যাত্রা বা কাম আদি পাৰিলে স্থগিত ৰাখক৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৫৷
সিংহঃ উন্নত পৰিৱেশ৷ বিভিন্ন যোগাযোগ আদিত আনন্দ পাব৷ ভ্রমণাদিত বিশেষ অসুবিধা নাপায়৷ কিন্তু যাৰ মঙলৰ দশা চলি আছে অলপ সাৱধান হওক৷ সন্তান সুখ৷ বিদ্যাত অনুকূল৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
কন্যাঃ খুব উন্নত পৰিৱেশ নহ’ব৷ ধর্মীয় অনুষ্ঠানাদিত আনন্দিত হ’ব৷ বন্ধু–বান্ধৱৰ শুভ৷ ব্যক্তিত্ব অক্ষুণ্ণ থাকিব৷ দাম্পত্যত চিন্তা৷ বিদ্যার্থীৰ মধ্যম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
তুলাঃ আর্থিক দিশত টানত পৰিলেও কোনো সৎ বন্ধু বা তেনে উৎসৰ পৰা উপকৃত হ’ব৷ বিদ্যাত বাধা কম৷ তথাপি সম্পূর্ণ মুকলি বতৰ নহয় বুলি সাৱধানেৰে আগবাঢ়ক৷ দাম্পত্যত শুভ৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৪৷
বৃশ্চিকঃ হাই–কাজিয়াৰ সূত্রপাত যেন পালে সেই স্থান ত্যাগ কৰক অথবা তর্কৰে বঢ়াই নলৈ ক্ষিপ্ত অৱস্থাক নিয়ন্ত্রণ কৰক৷ অৱশ্যে মায়াৰ বাহিৰে আনৰ চিন্তা কম৷ ঘৰুৱাত ভালেই৷ নতুন সংযোগত উৎসাহ৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ৫৷
ধনুঃ আর্থিক উন্নতিৰ কাৰক৷ বিদ্যাত জটিলতা নাপাব৷ পুৱাৰ ভাগত সাৱধানেৰে মত বিনিময় আদি কৰক৷ ঘৰুৱা বাধা কম৷ বন্ধুবর্গৰ লগত সৎ পৰামর্শ কৰাটো ভাল৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷
মকৰঃ শৰীৰ খুব ভালেৰে নাযাব৷ খৰচ–পাতি বৃদ্ধি৷ হঠাৎ কোনো কথাত ক্ষিপ্ত হ’ব পাৰে৷ ব্যয়ৰ কাৰক৷ উৎকণ্ঠাৰ পৰা কিছু সকাহ পাৰ যদিও সম্পূর্ণ সন্দেহমুক্ত নহ’ব৷ শুভ ৰং পাতল ক’লা৷ শুভ সংখ্যা ৬৷
কুম্ভঃ মনোবল থাকিব৷ কর্মত উৎসাহ থকাত আপোনাৰ প্রায়বোৰ কামতে খুঁত নাথাকিব৷ শৰীৰ খুব বেয়া বুলিব নোৱাৰি৷ কিন্তু আকস্মিক বিৰক্তিদায়ক কথাৰ অৱতাৰণা হ’লে এৰাই চলক৷
মীনঃ কষ্টদায়ক হ’ব পাৰে বুলি হাতত লোৱা কাম স্থগিত নৰখাই উচিত হ’ব৷ আর্থিকত উন্নত নহয়৷ ব্যৱসায়তো প্রাপ্ত ধৰণ বাবে অসুবিধাৰ সন্মুখীন হ’ব৷ বন্ধুৰ পৰা উপকৃত৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ২৷