মেষঃ সাৱধানে দিনটো পাৰ কৰক৷ দৰকাৰী কামত অৱহেলা নকৰিব৷ শৰীৰ বৰ ভালেৰে নাযাব পাৰে৷ বিদ্যাত মজলীয়া ফল৷ খাদ্যাদিত যত্ন লওক৷ প্রেম বিবাদ৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ২৷
বৃষঃ উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ আর্থিকতো বিশেষ কষ্ট নাপাব৷ বিদ্যাত মনোযোগ দিব পাৰিব৷ ব্যৱসায়ত বেয়া নহ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷
মিথুনঃ সামাজিক ক্ষেত্রত উন্নত পৰিৱেশ নাপাব৷ অত্যন্ত শুভ কথাতো আপুনি সন্তোষ কম পাব৷ আর্থিকত ব্যয় বৃদ্ধি পাব৷ শৰীৰৰ দুর্বলতা থাকিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷
কর্কটঃ ফৰকাল অনুভৱ কৰিব৷ কর্মক্ষেত্রতো বিশেষ বাধা নাপাব৷ কর্তব্যত আগ্রহ বাঢ়িব৷ শৰীৰৰ বিশেষ সমস্যা নাথাকিব৷ উৎসাহজনক কথাত যোগদান৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৭৷
সিংহঃ আনন্দপ্রাপ্তিৰ যোগ৷ কোনো কর্মত আনন্দ পাব৷ পৰিৱেশো প্রতিকূল নহ’ব৷ পঢ়া–শুনাত বাধা কম৷ ব্যৱসায় বা স্বাধীন কর্মজীৱনৰ প্রতি আস্থা আহিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷
কন্যাঃ আকস্মিক অর্থপ্রাপ্তিৰ যোগ৷ বিদ্যাত শুভ৷ ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি পাব৷ শৰীৰ খুব উন্নত নহ’ব৷ অযথা দুশ্চিন্তা–দুৰাকাংক্ষাই আমনি কৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷
তুলাঃ দুর্ভাৱনা এৰাব নোৱাৰিব৷ অসম্পাদিত কামত সাধাৰণ উৎকণ্ঠা থাকিব৷ কিবা দৰকাৰী কাম আছে যদি সমাধানৰ চেষ্টা ৰাখক৷ শৰীৰ মধ্যম৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ১৷
বৃশ্চিকঃ আপোনাৰ জাতিশীল কর্মৰ দ্বাৰা ঈপ্সিত আশা পূৰণৰ কাৰক৷ কর্মত মধ্যম৷ দুই–এটা কামত দুশ্চিন্তাও সোমাব৷ উপায়হীনে নতুন আশা দেখিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৪৷
ধনুঃ শৰীৰ সম্পর্কে অলপ সচেতন থাকক৷ আপোনাৰ কোনো সমস্যা সমাধানৰ কাৰক৷ কিন্তু দুই–এটা ঘৰুৱা কাৰণত মনটো ফৰকাল নাথাকিব পাৰে৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৮৷
মকৰঃ উন্নত পৰিৱেশ৷ দিনৰ দহ বজাৰ পৰা আৰু কিছু উন্নত৷ আর্থিকত বেয়া দেখা নাযায়৷ শিল্প বিদ্যাত আনন্দ৷ দাম্পত্যত অলপ দুশ্চিন্তা থাকিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
কুম্ভঃ কর্মব্যস্ততা বাঢ়িব৷ শৰীৰ মধ্যম৷ গুৰুতৰ কাম আদি হাতত ল’লেও ভবা–শুনা কৰি ল’ব৷ কর্মত নতুন উদ্যম৷ আর্থিকত খৰচ বৃদ্ধি পাব৷ প্রেমপ্রীতিত মধ্যম৷ পঢ়া–শুনাত খেলিমেলি থাকিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷
মীনঃ পুৱা দহটালৈ কিছু সাৱধান থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকল কর্মকালত কিবা অশান্তি অনুভৱ কৰিব৷ ঘৰুৱাত শুভ কর্ম সম্পাদন৷ আর্থিকত মজলীয়া৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৫৷