নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম জাতীয়তাবাদী যুৱ পৰিষদ টিৰাপ আঞ্চলিক সমিতি গঠন

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ অধীনত টিৰাপ আঞ্চলিক সমিতি গঠন কৰা হয়। পৰিষদৰ টিৰাপ গেটৰ অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত লোৱা সিদ্ধান্তমৰ্মে আঞ্চলিক সমিতিখন গঠন কৰা হয়।

যুৱ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক ক্ৰমে বিজু কলিতা আৰু বিনোদ দাসৰ পৰিচালনাত তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি লক্ষ্মী বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত প্ৰাঞ্জল দেউৰীক সভাপতি, লুকুমণি সাউদ আৰু তাৰাকনাথ নায়কক উপসভাপতি, দেৱজিত দাসক সাধাৰণ সম্পাদক, দিগন্ত শইকীয়া আৰু বিৰজু গড়ক যুটীয়া সম্পাদক, প্ৰভাত কোঁৱৰ, ৰাজু ৰায়, বীৰ বাহাদুৰ তামাং, সঞ্জয় কোঁ‌ৱৰক সাংগঠনিক সম্পাদক হিচাপে লৈ এখন ২৯ জনীয়া পূৰ্ণাংগ টিৰাপ আঞ্চলিক সমিতি গঠন কৰা হয়।

You might also like