বিশেষ বাৰ্তা, ১৮ অক্টোবৰঃ ‘তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্রই হৰধনু ধৰে৷’– এনে হৰিনামৰ ধ্বনিৰে আজি মুখৰ হ’ব অসমীয়াৰ পদূলি৷ আজি কাতি বিহু৷ পথাৰৰ লখিমীক আদৰাৰ পূর্বে আকাশবন্তি তথা তুলসীৰ তলত চাকি জ্বলাই অসমবাসীয়ে নেদেখাজনৰ ওচৰত প্রার্থনা জনাব৷ অসমৰ বাপতিসাহোন স্বৰূপ তিনিটা বিহুৰ অন্যতম হৈছে কাতি বিহু অথবা কঙালী বিহু৷ আন দুই বিহু মাঘ বিহু আৰু ৰঙালী বিহুৰ ৰং–উছাহ তথা ভোগৰ প্রাচুর্য নাথাকিলেও অসমৰ চহা জীৱনত কাতি বিহুৰ গুৰুত্ব অন্যতম হিচাপে বিবেচিত হৈ আহিছে৷ মোহনীয় শাৰদীয় বতৰত কৃষিজীৱী অসমীয়াই ঘৰৰ চোতালত তথা পথাৰত বন্তি জ্বলাই লখিমীক ঘৰলৈ অহাৰ বাট দেখুৱায়৷ ভোগৰ আয়োজন নাথাকিলেও আধ্যাত্মিক প্রাচুর্যই কাতি বিহুৰ অলংকাৰ৷ সন্ধিয়া হোৱাৰ লগে লগে তুলসীৰ তল আৰু পথাৰত জ্বলোৱা আকাশবন্তিয়ে সুশোভিত কৰি তোলে ৰাজ্যৰ চৌদিশ৷ পথাৰৰ উপৰি ভঁৰালঘৰ, ঢেঁকীশাল, গোহালি, বাৰী, পদূলি আদিতো চাকি জ্বলাই সভক্তিৰে ৰাজ্যবাসীয়ে নেদেখাজনৰ আশিস গ্রহণ কৰিব৷ কেৱল কাতি বিহুৰ দিনটোতেই নহয়, সমগ্র মাহটোৰ সন্ধিয়া ঘৰৰ চোতালত আৰু গাঁৱৰ নামঘৰত নাম–প্রসংগৰে গঞা ৰাইজে আধ্যাত্মিক চিন্তা–চেতনাৰে মন আলোকিত কৰে৷ চহা অসমীয়াই কাইলৈও পূর্বৰ এনে পৰম্পৰা ৰক্ষা কৰিয়েই কাতি বিহু উদ্যাপন কৰিব৷ ইফালে, কাইলৈ বর্ণাঢ়্য কার্যসূচীৰে ৰাজ্য চৰকাৰৰ কৃষি বিভাগে কাতি বিহু উদযাপন কৰিব৷ এই উদ্দেশ্যে ৰাজ্যখনৰ সকলো কৃষি মহকুমাতে কাতি বিহুৰ সৈতে সাঙোৰ খাই থকা বিভিন্ন লোকাচাৰ পালনৰ লগতে কৃষি মহকুমাসমূহত প্রগতিশীল কৃষকক সম্বর্ধনা, বিভিন্ন বিভাগীয় আঁচনিৰ জৰিয়তে কৃষকলৈ আগবঢ়োৱা সা–সুবিধাৰ ওপৰত আলোচনা, হিতাধিকাৰীৰ মাজত কৃষি সামগ্রী বিতৰণ, আকাশবন্তি প্রজ্বলন আদি কার্যসূচী পালন কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ কাতি বিহুৰ পৱিত্র ক্ষণত প্রতিগৰাকী কৃষকৰ লগতে অসমবাসীৰ মংগল কামনা কৰিছে৷ কৃষিমন্ত্রী অতুল বৰায়ো অসমৰ জাতীয় কৃষ্টি–সংস্কৃতিৰ সৈতে ওতপ্রোতভাৱে সাঙোৰ খাই থকা কাতি বিহুৰ প্রাক্ক্ষণত ৰাজ্যখনৰ সমূহ কৃষক আৰু সাধাৰণ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷